নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আৰু বঁটা প্ৰদান । ১০ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে এই বিশেষ সন্মান । ভাষাপ্ৰাণ সন্মান ড০ নাৰায়ণ দাসলৈ । মৰণোত্তৰভাৱে অনুবাদ ৰত্ন সন্মান শ্ৰীশ্ৰী ভৃগুগিৰি মহাৰাজলৈ । প্ৰেৰণাময়ী নাৰী সন্মান ৰেখা বৰুৱালৈ, আনন্দ চন্দ্ৰ বৰুৱা বঁটা পাৰ্থসাৰথি মহন্তলৈ,গণেশ তামুলীলৈ বিশেষ সমাজসেৱা বঁটা । বিশেষ যুৱ সাহিত্য বঁটা শুৱালকুছিৰ বৰ্ণালী কলিতালৈ । মেধি-ধৰণী অলকা ন্যাসৰ বিশেষ সাংস্কৃতিক সংগঠক বঁটা তৰুঁ আজাদ ডেকালৈ । মহেন্দ্ৰ বৰঠাকুৰ সোঁৱৰণী বিশেষ নাট্যকাৰ বঁটা ধ্ৰুৱজ্যতি শৰ্মালৈ । এম ইলিমুদ্দিন দেৱান বঁটা হবিবুৰ ৰহমানলৈ । হৰিপ্ৰসাদ নেওগলৈ মুদ্ৰণ, অলংকৰণ আৰু সম্পাদনা বঁটা সমৰ তালুকদাৰলৈ ।
অসম সাহিত্য শুৱালকুছি অধিৱেশনত ২ ফেব্ৰুৱাৰী তাৰিখে পুৱা ১০.৩০ বজাত অতুলচন্দ্ৰ বৰুৱা মঞ্চত এই সন্মান প্ৰদান কৰা হ’ব ।