১০ মাহে দৰমহা নাই আর্টফেডৰ কর্মচাৰীৰ
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ সংশ্লিষ্ট কর্তৃপক্ষৰ অৱহেলা আৰু অদূৰদর্শিতাত মৃত্যুমুখী যাত্রা আৰম্ভ হৈছে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্রশিল্প খণ্ডক জীয়াই ৰখা অন্যতম স্বকীয় প্রতিষ্ঠান আর্টফেডৰ৷ এই প্রতিষ্ঠানটোৰ মূল চালিকা শক্তি কর্মচাৰীসকলে মাহৰ পাছত মাহ দৰমহাৰ পৰা বঞ্চিত হৈ হাহাকাৰ কৰিবলগীয়া হৈছে৷ যাৰ বাবে ৰঙালী বিহুৰ প্রাক্ক্ষণত গামোচা বিক্রীৰ পৰিৱর্তে আন্দোলনৰ পথ ল’বলগীয়া হৈছে আর্টফেডৰ কর্মচাৰীসকলে৷ বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহা সত্ত্বেও চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নকৰাত মঙলবাৰৰে পৰা ধাৰাবাহিক কার্যসূচী ঘোষণা কৰিছে আর্টফেড কর্মচাৰী সন্থাই৷
তদুপৰি আজি সংবাদ মেল সম্বোধন কৰাৰ লগতে অহা ৭ এপ্রিলত ক’লা বেজ পৰিধান, ৮ এপ্রিলত কর্মবিৰতি, ১১ আৰু ১২ এপ্রিলত মুখ্য কার্যালয়ত ধর্ণা, ১৮ আৰু ১৯ এপ্রিলত অনশন কার্যসূচী ৰূপায়ণ কৰিব কর্মচাৰী সন্থাই৷ তদুপৰি ২০ এপ্রিলত আর্টফেড সুৰক্ষা আৰু কর্মচাৰীৰ ভৱিষ্যৎ শীর্ষক এখন আলোচনা–চক্রও অনুষ্ঠিত কৰিব সন্থাই৷ ইপিনে, মঙলবাৰে দেৱাল লিখনেৰে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি সন্থাৰ বিষয়ববীয়াসকলে সংবাদ মাধ্যমৰ আগত কয় যে আর্টফেডে অসমৰ অর্থনীতিত যথেষ্ট গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ হস্ততাঁত বস্ত্রশিল্প খণ্ডৰ উন্নয়নৰ ক্ষেত্রত আর্টফেডৰ আছে বিশেষ ভূমিকা৷ কিন্তু এই আর্টফেডৰ উন্নয়নৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষই হেমাহি আৰু অৱহেলা কৰি আহিছে বুলি মন্তব্য কৰি তেওঁলোকে কয় যে আর্টফেডৰ মুখ্য কার্যালয়ৰ ১৭০জন কর্মচাৰীয়ে বিগত ১০ মাহে লাভ কৰা নাই দৰমহা৷ সেইদৰে শাখা কার্যালয়সমূহৰ কর্মচাৰীয়েও বছৰ বছৰ ধৰি বঞ্চিত হৈ আছে দৰমহাৰ পৰা৷ আনকি উৎপাদন কেন্দ্রসমূহৰ শিপিনীয়েও লাভ কৰা নাই দৰমহা৷ আর্টফেডৰ উৎপাদন তথা ব্যৱসায় বৃদ্ধিৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ কৰা নাই বুলি উল্লেখ কৰি প্রতিবাদী কর্মচাৰীসকলে কয় যে আর্টফেডৰ অধ্যক্ষ আৰু উপাধ্যক্ষই চৰকাৰী সা–সুবিধা উপভোগ কৰি আহিছে৷
সেইদৰে হস্ততাঁত আৰু বস্ত্রশিল্পৰ সঞ্চালকক আর্টফেডৰ পৰিচালন সঞ্চালকৰ দায়িত্বও অর্পণ কৰা হৈছে৷ দুয়োটা স্থানত দায়িত্ব পালন কৰিবলগীয়া হোৱা বাবে পৰিচালন সঞ্চালকে আর্টফেডত সময় দিব নোৱাৰে বুলি উল্লেখ কৰি কর্মচাৰীসকলে প্রকাশ কৰা মতে বিগত ৯ মাহত মাত্র চাৰিবাৰহে কার্যালয়লৈ আহিছে পৰিচালন সঞ্চালক৷ তদুপৰি আর্থিক অভাৱৰ সন্মুখীন হৈ আর্টফেডৰ চাৰিজন কর্মচাৰীৰ মৃত্যু হোৱা বুলি সদৰী কৰি তেওঁলোকে কয় যে বহু কর্মচাৰীয়ে পত্নীৰ আ–লংকাৰ বিক্রী কৰি পৰিয়াল পোহপাল দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিহুৰ সময়ত গামোচা বিক্রী কৰিব লাগিছিল যদিও তেওঁলোকে আন্দোলনৰ পথহে ল’বলগীয়া হোৱাৰ বাবে আক্ষেপ কৰি পৰৱর্তী সময়ত দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে৷