নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মে’ৰ পূর্বে ৫০ হাজাৰ পদত নিযুক্তি

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ যোৱা বিধানসভা নির্বাচনৰ সময়ত এবছৰৰ ভিতৰতে এক লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ যি প্রতিশ্রুতি, সেয়া আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্রত আৰু এক যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে৷ নিযুক্তি প্রক্রিয়া অধিক খৰতকীয়া, সুচল আৰু স্বচ্ছ কৰাৰ বাবে বৃহস্পতিবাৰে অসম বিধানসভাত ‘দ্য আছাম ডাইৰেক্ট ৰিক্রুইটমেণ্ট কমিছন্ছ ফৰ এনালগাছ পোষ্টছ ইন ক্লাছ থ্রী এণ্ড ক্লাছ ফ’ৰ বিল–২০২১’ গৃহীত হয়৷ সদনত এই  বিধেয়কখন উত্থাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে যি এক লাখ নিবনুৱাৰ চাকৰিৰ প্রতিশ্রুতি দিছিল, ইতিমধ্যে ২,০০০জনক নিযুক্তি দিয়া হৈছে৷ অহা জানুৱাৰীত ৩–৪ হাজাৰে নিযুক্তি লাভ কৰিব৷ আৰক্ষী, শিক্ষা বিভাগত ৩০ হাজাৰৰ পৰা ৪০ হাজাৰে নিযুক্তি লাভ কৰিব৷ বিভিন্ন বিভাগে নিজাকৈ সাক্ষাৎকাৰৰ বিজ্ঞাপন প্রকাশ কৰিলে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রত বহু বেমেজালিয়ে দেখা দিব৷ একেটা দিনতেই বহু বিভাগৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ছেবা, বিশ্ববিদ্যালয় আদিয়েও সকলো বিভাগৰ পৰীক্ষা সুকীয়া সুকীয়াকৈ অনুষ্ঠিত কৰাৰ ক্ষেত্রতো বহু অসুবিধাৰ সন্মুখীন হয়৷ কোনোবা বিভাগৰ দুটা পদ, কোনোবা বিভাগৰ ১০টা পদৰ ক্ষেত্রতো দুই লাখ প্রার্থী হ’ব৷ তদুপৰি একোটা পৰীক্ষা অনুষ্ঠিত কৰাত ১২ৰ পৰা ১৫ কোটি টকা পর্যন্ত ব্যয় হ’ব৷ সেয়ে চৰকাৰে স্নাতক, উচ্চতৰ মাধ্যমিক, অষ্টম শ্রেণী উত্তীর্ণৰ সকলো বিভাগৰ সমূহ পদৰ সাক্ষাৎকাৰ একেলগে অনুষ্ঠিত কৰাৰ বাবে এই আইনখন আনিছে৷ প্রার্থীসকলে আবেদন কৰাৰ সময়তেই নিযুক্তিৰ বাবে বিচৰা স্থান অগ্রাধিকাৰ ভিত্তিত প্রথম, দ্বিতীয়, তৃতীয় স্থান উল্লেখ কৰাৰ সুবিধা লাভ কৰিব৷ বড়ো, বাংলা, অসমীয়া ভাষাত সকলোৱে পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব৷

সকলো বিভাগৰ পৰীক্ষা একত্রিতভাৱে কেন্দ্রীয়ভাৱে নিয়োগ আয়োগে অনুষ্ঠিত কৰিব৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিক্ষা, আৰক্ষী, স্বাস্থ্য বিভাগৰ বাহিৰে আন বিভাগৰ তৃতীয় আৰু চতুর্থবর্গৰ পদসমূহ পূৰণৰ বাবে একেলগে সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব৷ অহা ১০ মে’ৰ আগেয়ে ৫০ হাজাৰ পদত নিযুক্তি দিব পৰা যাব বুলি আশা প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই পৰীক্ষাত কোনো প্রাইভেট এজেন্সীক চৰকাৰে আউটচর্চিঙত নলগায়৷ আৰক্ষীৰ পৰীক্ষা ছেবাই কৰিব৷ চৰকাৰী নিযুক্তিৰ প্রতি নিবনুৱাৰ যাতে আস্থা থাকে, তাৰ প্রতি চৰকাৰে গুৰুত্ব দিছে৷

আনহাতে, অসম বিধানসভাই ইতিপূর্বে গৃহীত কৰা জিলা ভিত্তিত জনগাঁথনি অনুসৰি নিযুক্তি দিয়া বিলখন এতিয়াও নটিফাই হোৱা নাই বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’ বি চিক বাদ দি কোনো সংৰক্ষণ চৰকাৰে কৰিব নোৱাৰে৷ বৰাকৰ পদসমূহ যাতে বৰাক উপত্যকাৰ নিবনুৱাকে দিব পাৰি, তাৰ বাবেও চৰকাৰে চিন্তা কৰিছে বুলি উল্লেখ কৰি কয় যে বৰাকত চৰকাৰী ভাষা বাংলা ভাষা যদিও ১৯৬০ চনত গৃহীত ভাষা আইন অনুসৰি অসমীয়া ভাষাও থাকিব৷ উক্ত আইনৰ ৩নং দফা অনুসৰি অসমত অসমীয়া ভাষাৰ সার্বভৌমত্ব থাকিব৷ আইনখনৰ ৩নং দফা নোহোৱা কৰিলে অসমত সমন্বয়ৰ সাঁকো নোহোৱা হ’ব৷ বাংলা, বড়ো প্রতিটো ভাষাকে চৰকাৰে সন্মান কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই অসমীয়া ভাষা সকলোৰে ওপৰত থকাৰ পোষকতা কৰে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে এক লাখ নিযুক্তিৰ বাবে চৰকাৰে গ্রহণ কৰা এই নিয়োগ আয়োগ সফল হ’লে অনাগত দিনত আয়োগখনক স্থায়ী ৰূপ দিয়াৰো ব্যৱস্থা কৰিব৷

আনহাতে, ৰাজ্য চৰকাৰে নিয়োগৰ বাবে গ্রহণ কৰিবলৈ এই আইনখন অনাৰ বাবে চৰকাৰৰ লগতে মুখ্যমন্ত্রী ড০ শর্মাক বিধায়ক অখিল গগৈয়ে সদনতে ধন্যবাদ জ্ঞাপন কৰে৷ বিস্তৃত আলোচনাৰ অন্তত সদনত সর্বসন্মতভাৱে বিধেয়কখন গৃহীত হয়৷ বিধেয়কখনৰ ওপৰত চলা আলোচনাত বিধায়ক ভৰত নৰহ, কমলাক্ষ দে’ পুৰকায়স্থ, মিছবাহুল ইছলাম লস্কৰ, আব্দুল বাতেন খণ্ডকাৰ, অখিল গগৈ, শ্বেৰমান আলী আহমেদ আদিয়ে অংশগ্রহণ কৰে৷

You might also like