নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১০ বিশ্ববিদ্যালয়–মহাবিদ্যালয়ৰ প্রতিনিধিৰে কাইলৈৰ পৰা মুখ্যমন্ত্রীৰ যুৱ সমাৰোহ

পাঁচ শতাধিক শিক্ষার্থীক অনুপ্রাণিত কৰিব বলীউডৰ তাৰকা বিবেক অ’বেৰয়ে

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ৰাজ্যৰ যুৱপ্রজন্মক উৎসাহিত কৰাৰ লক্ষ্যৰে তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হ’ব মুখ্যমন্ত্রীৰ যুৱ সমাৰোহ ৷ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অহা ১৯, ২০ আৰু ২১ জানুৱাৰীত এই সমাৰোহ অনুষ্ঠিত হ’ব ৷ শুকুৰবাৰে দিছপুৰস্থিত ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত এক সংবাদ মেলত এই কথা সদৰী কৰে ক্রীড়া আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰে ৷ মুখ্যমন্ত্রীৰ যুৱ সমাৰোহৰ কার্যসূচী সন্দর্ভত সদৰী কৰি তেওঁ কয়– অহা ১৯ জানুৱাৰীৰ পুৱা ১০.৩০ বজাত যুৱ সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷ ২১ জানুৱাৰীৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল ৷ তদুপৰি সামৰণী অনুষ্ঠানত অংশগ্রহণ কৰিব বলীউডৰ জনপ্রিয় অভিনেতা বিবেক অবেৰয়ে ৷ তিনিদিনীয়া সমাৰোহখনত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন ক্ষেত্রৰ আলোচনা–চক্রসমূহত্ বিশেষজ্ঞসকলে অংশগ্রহণ কৰি বক্তৃ তা প্রদান কৰিব ৷ তেওঁলোকে অংশগ্রহণকাৰী শিক্ষার্থীৰ সৈতে মত বিনিময় কৰিব ৷ সংবাদ মেলত সচিবজনে সদৰী কৰা অনুসৰি ৰাজ্যৰ মুঠ ১১০খন মহাবিদ্যালয়ৰ লগতে কটন, গুৱাহাটী, ডিব্রুগড়, তেজপুৰ বিশ্ববিদ্যালয়, যোৰহাট কৃষি বিশ্ববিদ্যালয় আৰু মহিলা বিশ্ববিদ্যালয়ৰ নির্বাচিত প্রতিনিধিসকলে যুৱ সমাৰোহত অংশগ্রহণ কৰিব ৷ ৫ শতাধিক শিক্ষার্থীয়ে মুখ্যমন্ত্রীৰ যুৱ সমাৰোহত অংশগ্রহণ কৰিব ৷

You might also like