নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ লাখ লোকক অসমলৈ ঘূৰাই অনাটো হ’ব ৰাজ্য চৰকাৰৰ বৃহৎ প্ৰত্যাহ্বান

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে দেশজুৰি বলৱৎ হৈ থকা লকডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ আছে অসমৰ বহু পৰিয়াল । কৰ্মসূত্ৰে অথবা চিকিৎসাৰ বাবে গৈ আবদ্ধ হৈ পৰা এই পৰিয়ালসমূহে এতিয়া আহুকালৰ সন্মুখীন হৈছে । নিজ বাসস্থান এৰি বাহিৰত আবদ্ধ হৈ পৰা পৰিয়ালসমূহে সন্মুখীন হৈছে আৰ্থিক সমস্যাৰ । পৰিয়ালসমূহৰ এনে দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত স্বাস্থ্য বিভাগে মুকলি কৰিছিল এক হেল্পলাইন নম্বৰ । এই হেল্পলাইন নম্বৰযোগে ফোন কৰিলে ৰাজ্য চৰকাৰে পৰিয়ালসমূহক ঘূৰাই অনাৰ ক্ষেত্রত ব্যৱস্থা গ্রহণৰ লগতে আর্থিক দিশতো সহায়ৰ ঘোষণা কৰিছিল ৷

লক্ষণীয়ভাৱে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ কৰা এই ঘোষণাৰ পাছতে এতিয়ালৈ ৪ লাখ পৰিয়ালে হেল্পলাইন নম্বৰৰ জৰিয়তে স্বাস্থ্য বিভাগৰ সহায় বিচাৰিছে ৷ মন্ত্রী ড০ শর্মাই শুকুৰবাৰে প্রকাশ কৰা এই তথ্য অনুসৰি ইতিমধ্যে প্রকাশ কৰা হেল্পলাইন নম্বৰত আজি দিনটোলৈ চাৰি লাখ পৰিয়ালৰ ফোন সংযোগ হৈছে ৷ ডিফুত মন্ত্রীগৰাকীয়ে এই সন্দর্ভত ইয়াকো কয়– স্বাস্থ্য বিভাগৰ ডাটাবেজত এই সংখ্যা জমা হৈছে ৷ যদি প্রতিটো পৰিয়ালৰ সদস্যৰ সংখ্যা ৩জন বা ৪জন হয়, তেন্তে বহিঃৰাজ্যত থকা লোকৰ সংখ্যা প্রায় ১২ লাখ হ’ব ৷ অহা সময়ছোৱাত ক’ৰোনা ভাইৰাছৰ সংক্রমণ চলি থাকিলে এই লোকসকলক লৈ ৰাজ্য চৰকাৰে এক বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব ৷ প্রতিটো পৰিয়ালক ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্রত চৰকাৰৰ বাবে এক অগ্নি পৰীক্ষাৰ দৰে হ’ব ৷ কিয়নো ১২ লাখ লোকক একেলগে ঘূৰাই অনা সম্ভৱ নহ’ব ৷ অলপ অলপকৈ আনিলেও এই লোকসকলক ১৪ দিন কোৱাৰেণ্টাইন কৰাৰ প্রয়োজন হ’ব ৷ গতিকে ক’ভিড–১৯ দ্বিতীয় পর্যায়ৰ পৰিৱেশ চৰকাৰৰ বাবে যথেষ্ট জটিল হ’ব ৷

মন কৰিবলগীয়া যে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক অসমলৈ ওভতাই অনাৰ বাবে স্বাস্থ্য বিভাগে ৯৬১৫৪–৭১৫৪৭ নম্বৰৰ এক হেল্পলাইন মুকলি কৰিছিল ৷ বহিঃৰাজ্যৰ লোকসকলে এই নম্বৰত মিছকল দিলে আপোনা–আপুনি লোকজনৰ ফোনলৈ এটা ৱেবছাইটৰ লিংক যাব ৷ উক্ত লিংকটোৰ জৰিয়তে ফোন কৰা লোকসকলে তেওঁলোকৰ নাম–ঠিকনাৰে এখন প্র–পত্র পূৰণ কৰিব লাগিব ৷ সেইমর্মে পৰিয়ালটো সন্দর্ভত সংশ্লিষ্ট জিলা প্রশাসনে সকলো পৰীক্ষা কৰিব ৷ যিবোৰ পৰিয়ালে এই প্র–পত্রখন পূৰণ কৰিব নোৱাৰে, তেওঁলোকে হেল্পলাইনত ফোন কৰাৰ ২৪ ঘণ্টা পাছত স্বাস্থ্য বিভাগৰ স্বেচ্ছাসেৱকে ফোন কৰি পৰিয়ালটোৰ নাম–ঠিকনা সংগ্রহ কৰিব ৷ স্বাস্থ্য বিভাগক এইক্ষেত্রত সহায় কৰিবলৈ ইতিমধ্যে আগবাঢ়ি আহিছে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ একাংশ ছাত্র–ছাত্রী ৷

ইফালে স্বাস্থ্য বিভাগৰ এক সূত্রই প্রকাশ কৰা মতে, লকডাউন অন্ত পৰাৰ পাছত বহিঃৰাজ্যৰ পৰা আহিব লগা লোকসকলক ক’ত কোৱাৰেণ্টাইন কৰা হ’ব, সেই বিষয়টোক লৈ চিন্তা–চর্চা অব্যাহত আছে ৷ কিয়নো নির্দিষ্ট সময়ৰ মূৰে মূৰে কেইবালক্ষ লোক আহিব ৷ এইসকল লোকক পৰীক্ষা কৰা আৰু কোৱাৰেণ্টাইন কৰাটো বিভাগৰ বাবে এক বৃহৎ যুদ্ধৰ লেখীয়া প্রত্যাহ্বান হ’ব ৷ অচিৰেই আন কেইবাটাও কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰাৰো চিন্তা–চর্চা অব্যাহত ৰাখিছে চৰকাৰে ৷

You might also like