১৪ দিনৰ ন্যায়িক জিম্মালৈ বিধায়ক আমিনুল ইছলাম
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ মঙলবাৰে পুৱা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধিঙৰ বিধায়ক আমিনুল ইছলামক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । আজি নগাঁও আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে এই ৰায় প্ৰদান কৰে ।
সাম্প্ৰদায়িক মন্তব্য কৰা এটা অডিঅ’ ক্লিপৰ বাবে সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে বিধায়ক জনক আটক কৰিছিল । পাছত এই অডিঅ’ ক্লিপটো তেওঁৰ বুলি স্বীকাৰ কৰিছে ।
উল্লেখ্য যে তবলিগী জামাতৰ পৰা ক’ৰোনা ভাইৰাছ বিয়পা নাই বুলি ছ’চিয়েল মিডিয়াত মন্তব্য কৰি চৰকাৰে তবলিগী জামাতৰ সুযোগ লৈ মুছলমান বিৰোধী কাম কাজত লিপ্ত হোৱা বুলি ভয়াৱহ অপপ্ৰচাৰত নামিছিল আমিনুল ইছলাম। শেহতীয়াকৈ ভাইৰেল হোৱা এক অডিঅ’ ক্লিপৰ পাছতেই নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিধায়কজনক ।
ইপিনে আৰক্ষীয়ে জনোৱা মতে বিধায়কজনে যিসকল লোকক এই অডিঅ’ ক্লিপটো পঠাইছিল, তাত সাম্প্ৰদায়িকতাৰ কথা থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষক নজনোৱাৰ বাবে সেইসকলৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।