নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫–৩৭ নং ৰাষ্ট্রীয় পথঃ ২০১৯ বর্ষত ৩৯৩ পথ দুর্ঘটনাত মৃত্যু ১৪১

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ মৃত্যুদূতত পৰিণত হৈছে ৰাষ্ট্রীয় ঘাইপথ ৷ শোণিতপুৰ জিলাৰ ১৫নং আৰু ৩৭ (ক) ৰাষ্ট্রীয় ঘাইপথত ২০১৯ বর্ষত সংঘটিত হৈছে ৩৯৩টাকৈ পথ দুর্ঘটনা ৷ এই পথ দুর্ঘটনাসমূহত ১৪১গৰাকী নিহত হোৱাৰ বিপৰীতে আহত হৈছে ২৪০গৰাকী লোক ৷ শোণিতপুৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ পৰা প্রকাশিত এক তথ্যত বিগত বর্ষৰ জানুৱাৰী মাহত জিলাখনত ৪৪টা পথ দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ১৬জন নিহত আৰু ১৯জন আহত হয় ৷ ফেব্রুৱাৰীৰ ৩২টা পথ দুর্ঘটনাত ১১গৰাকী নিহত আৰু ২১গৰাকী আহত হয়, মার্চত ৩৮টা পথ দুর্ঘটনাত ১৪গৰাকী নিহত আৰু ২১গৰাকী আহত, এপ্রিলত ৩২টা পথ দুর্ঘটনাত ৮গৰাকী নিহত আৰু ২৪গৰাকী আহত, মে’ত ৩৩টা পথ দুর্ঘটনাত ৮গৰাকী নিহত আৰু ২৫গৰাকী আহত, জুনত ৪০টা পথ দুর্ঘটনাত ১৬গৰাকী নিহত হোৱাৰ বিপৰীতে ২৪গৰাকী আহত হয়৷ একেদৰে জুলাই মাহত ২৯টা পথ দুর্ঘটনাত ১৪গৰাকী নিহত আৰু ১৫গৰাকী আহত, আগষ্টত ২৫টা পথ দুর্ঘটনাত ৫গৰাকী নিহত আৰু ২০গৰাকী আহত, ছেপ্ঢেম্বৰত ৩৮টা পথ দুর্ঘটনাত ১১গৰাকী নিহত আৰু ২৭গৰাকী, অক্টোবৰত ৩৪টা পথ দুর্ঘটনাত ১৪গৰাকী নিহত আৰু ২০গৰাকী আহত, নৱেম্বৰত ১৬টা পথ দুর্ঘটনাত ১১গৰাকী নিহত আৰু ৫গৰাকী আহত আৰু ডিচেম্বৰ মাহত ৩২টা পথ দুর্ঘটনাত ১৩গৰাকী নিহত হোৱাৰ বিপৰীতে ১৯গৰাকী লোক আহত হয়৷ মন কৰিবলগীয়া যে জিলাখনত নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্রুৱাৰী মাহত ঘণ কুঁৱলীৰ বাবে অত্যধিক দুর্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷

এক বিশেষ সূত্রে জানিব পৰা মতে, তীব্রবেগী দুচকীয়া বাহন আৰু পথ সুৰক্ষাৰ বাবে উপলব্ধ নীতি– নিয়ম অনুসৰি ছিগলেন লাইট, পথৰ নিচেই কাষতে বাহন ৰখাই থোৱাৰ লগতে একাংশ বাহন চালকৰ অসাৱধানতাৰ বাবেই জিলাখনত পথ দুর্ঘটনাৰ সংখ্যাবৃদ্ধি পোৱাৰ সমান্তৰালভাৱে হতাহতৰ সংখ্যাও ক্রমাগতভাৱে বৃদ্ধি পাইছে ৷ দিনক দিনে জিলাখনত বৃদ্ধি পোৱা পথ দুর্ঘটনা আৰু হতাহতৰ সংখ্যাক লৈ উদ্বেগ প্রকাশ কৰা সচেতন মহলে পথ সুৰক্ষা সম্পৰ্কে সজাগতা সভা সর্বস্তৰত আয়োজন কৰাৰ সমান্তৰালভাৱে সংশ্লিষ্ট বিভাগে বাট–পথসমূহত নীতি–নিয়ম ডলংঘাৰে চলাচল কৰা আৰু ৰখাই থোৱা বাহনসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে ৷

You might also like