নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ বৃহস্পতিবাৰে এনডিএফবিৰ চাৰিওটা গোটৰ মুঠ ১৬৫০ নেতা আৰু কেডাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰে ।
এনডিএফবি নেতা ৰঞ্জন দৈমাৰী, গোবিন্দ বসুমতাৰী, ধীৰেন বড়ো আৰু বি চাউৰাগ্ৰাই আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ হাতত নিজৰ অস্ত্ৰ প্ৰদান কৰি মূলসুঁতিলৈ উভতি আহে ।
মুঠ ১৬৫০ এনডিএফবি নেতা আৰু কেডাৰে ১৭৮ অত্যাধুনিক অস্ত্ৰৰ লগতে ১৪ টা গ্ৰেণেড , ২ টা মৰ্টাছ, এ কে ছিৰিজৰ ৰাইফল, আমেৰিকান এম-১৬ৰ লগতে গ্ৰেনেড লাঞ্চাৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।
অনুষ্ঠানত অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী , এবছুৰ সভাপতি প্ৰমোদ বড়ো, গৃহ মন্ত্ৰণালয়ৰ উত্তৰ-পূবৰ মুখ্য সচিবৰ লগতে উপস্থিত থাকে অস্ত্ৰ সম্বৰণ কৰা নেতা-কেডাৰ ।
Glad to announce the #ArmsLayingCeremony by members of the #NDFB groups today at Guwahati.
The historic #BodoPeaceAccord heralds a new era of peace in Assam. The path laid down by Hon PM Sri @narendramodi and HM Sri @AmitShah on prosperity of NE gets a shot in the arm. pic.twitter.com/gBkXXxCJZ1
— Himanta Biswa Sarma (@himantabiswa) January 30, 2020