নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ ৰাজ্যৰ বিভিন্ন প্রান্তত আবদ্ধ হৈ থকা একাংশ ৰাজস্থানৰ লোকক বুধবাৰে ঘৰলৈ ওভতাই পঠিওৱাৰ ব্যৱস্থা কৰা হয় ৷ ৰাজস্থান আৰু অসম চৰকাৰৰ সহযোগত মুঠ ২২২গৰাকী লোকক ১৭খন বাছযোগে প্রেৰণ কৰা হয় ৷ গুৱাহাটীৰ ভৰলুমুখস্থিত সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা এই লোকসকলে বুধবাৰে দিনৰ প্রায় ১২ বজাত ৰাজস্থান অভিমুখে যাত্রা আৰম্ভ কৰে ৷ উল্লেখ্য যে ৰাজস্থানৰ কোটাত আবদ্ধ হৈ থকা অসমৰ শিক্ষার্থীক লৈ অহা বাছসমূহতে এই লোকসকলক প্রেৰণ কৰা হৈছে ৷ শিক্ষার্থীসকল গুৱাহাটীত উপস্থিত হোৱাৰ পাছত এই বাছসমূহ কোনো যাত্রী নোহোৱাকৈ উভতি যোৱাৰ কথা আছিল ৷ এই কথা গম পোৱাৰ পাছত ৰাজস্থানৰ পৰা আহি আবদ্ধ হৈ থকা লোকসকলক বাছসমূহত ওভতাই পঠিয়াবলৈ বিশেষ উদ্যোগ গ্রহণ কৰে পূর্বোত্তৰ প্রাদেশিক মাৰোৱাৰী সন্মিলনে ৷
প্রাথমিকভাৱে সন্মিলনে জিলা প্রশাসনৰ লগতে ৰাজ্য চৰকাৰক এইক্ষেত্রত ব্যৱস্থা গ্রহণৰ আহ্বান জনায়৷ কিন্তু ৰাজ্য চৰকাৰে ৰাজস্থান চৰকাৰৰ সহযোগ অবিহনে এয়া সম্ভৱপৰা নহয় বুলি প্রকাশ কৰে৷ লগে লগে তেওঁলোকে ৰাজস্থান চৰকাৰৰ সংশ্লিষ্ট বিষয়াৰ সৈতে সহযোগিতাৰ বাবে আলোচনা কৰে৷ অৱশেষত ৰাজস্থান চৰকাৰৰ সন্মতিমর্মে অসমত আবদ্ধ হৈ থকা লোকসকলক প্রেৰণ কৰাটো সম্ভৱপৰ হৈ পৰে৷ অৱশ্যে আজি ৰাজস্থানলৈ উভতি যোৱা অধিকাংশ লোকেই গুৱাহাটীত আছিল৷ ইয়াৰে একাংশ লকডাউনৰ পূর্বে বিভিন্ন কামত আহি গুৱাহাটীত আবদ্ধ হৈ পৰিছিল৷ আন একাংশ লোক গুৱাহাটীত বিভিন্ন কামত নিয়োজিত হৈ আছিল৷ পুৱাৰ ভাগৰে পৰা উভতি যাবলগীয়া লোকসকলে সোণাৰাম হাইস্কুল খেলপথাৰত সমৱেত হয়৷ সামাজিক দূৰত্বৰ নিয়ম মানি এই লোকসকলক স্বাস্থ্য পৰীক্ষাৰ অন্তত বাছসমূহত উঠিবলৈ অনুমতি দিয়া হয়৷ আজি উভতি যোৱা লোকসকল ৰাজস্থানৰ কোটা, বিকানীৰ, জয়পুৰ, যোধপুৰকে ধৰি বিভিন্ন অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে প্রাথমিকভাৱে ৰাজ্যৰ বিভিন্ন প্রান্তত আবদ্ধ হৈ থকা ৩৫০গৰাকী লোক ৰাজস্থানলৈ উভতি যোৱাৰ কথা আছিল৷ কিন্তু লকডাউনৰ বাবে একাংশ লোক আজি গুৱাহাটীত উপস্থিত হ’ব নোৱাৰিলে৷ সেয়েহে উভতি যোৱা লোকৰ সংখ্যা ২২২জনলৈ হ্রাস পালে বুলি সদৰী কৰে সন্মিলনৰ জনসম্পর্কৰক্ষী বিষয়া বিবেক সাংগানেৰীয়াই৷ ঘৰলৈ ওভতাৰ ক্ষেত্রত আগবঢ়োৱা সহযোগিতাৰ বাবে এই লোকসকলে অসম আৰু ৰাজস্থান চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে ৷