নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ বছৰে শাসন কৰা হাগ্রামাৰ পৰিৱর্তন বিচাৰিছে বিটিআৰৰ জনতাই

মুছলপুৰত চুক্তি স্বাক্ষৰকাৰীৰ সম্বর্ধনা অনুষ্ঠানত প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা, ১৬ ফেব্রুৱাৰীঃ বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত অঞ্চলটোৰ জনতাৰ যি ধৰণে সমস্যা সমাধান হ’ব লাগিছিল, সেয়া হোৱা নাই ৷ দুটামান অট্টালিকা হৈছে যদিও প্রকৃততে সেয়া যথেষ্ট নহয়৷ ইয়াৰ বাবে বি টি আৰৰ লোকে বর্তমানৰ বিটিচিৰ শাসকৰ নেতৃত্বৰ পৰিৱর্তন বিচাৰিছে ৷ বিটিচি চুক্তিৰ পৰাই আজিলৈকে সোতৰ বছৰ বি পি এফে পৰিষদৰ শাসনত আছে যদিও এই অঞ্চলৰ জনতাৰ সমস্যা সমাধানত ব্যর্থ হৈছে হাগ্রামা মহিলাৰীয়ে ৷ –এই মন্তব্য নিখিল বড়ো ছাত্র সন্থাৰ সদ্যপদত্যাগী সভাপতি প্রমোদ বড়োৰ ৷ শনিবাৰে বাগ্সা জিলাৰ মুছলপুৰস্থিত ইনড’ৰ ষ্টেডিয়ামত চুক্তি স্বাক্ষৰকাৰী এন ডি এফ বি আৰু এবছুৰ নেতাসকলক অভিনন্দন জনোৱা অনুষ্ঠানত অংশগ্রহণ কৰি প্রমোদ বড়োৱে আৰু কয়– কেগৰ প্রতিবেদনত বিটিচিত বহু ধনৰ কেলেংকাৰি সংঘটিত হোৱা বুলি প্রকাশ পাইছে ৷ গতিকে ইয়াৰ পৰাই আমি বুজিব লাগিব যে কেন্দ্রীয় চৰকাৰে আবণ্টন দিয়া ধনৰ সদ্ব্যৱহাৰ হোৱা নাই ৷ সেয়েহে সুস্থিৰ প্রশাসন দিবলৈ নেতৃত্বৰ পৰিৱর্তন হ’বই লাগিব বুলি কয় ৷

আনহাতে, ২৭ জানুৱাৰীত বি টি আৰ চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে এই অঞ্চলটোত স্থায়ী শান্তি প্রতিষ্ঠিত হ’ল ৷ এতিয়া এই অঞ্চলত পুলিচ–মিলিটেৰীৰ কোনো প্রয়োজন নাই বুলি গুৰুত্বপূর্ণ মন্তব্য কৰে ৷ প্রায় চল্লিশ বছৰ ধৰি অশান্তিৰে জর্জৰিত হোৱাৰ পাছত ম্যানমাৰ, ভূটান আদি চুবুৰীয়া ৰাষ্ট্রৰ অৰণ্যৰ পৰা ওলাই আহি ভাৰত চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগে অঞ্চলটো শান্ত হৈ পৰে বুলি কৈ এই শান্তি বি টি আৰৰ জনতাৰ অশেষ কষ্টৰ বাবে সম্ভৱ হয় ৷ ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো আজিলৈকে কার্যকৰী হোৱা নাই অথচ এই সময়ছোৱাৰ মাজতে বড়োসকলৰ মাজত তিনিখন চুক্তি স্বাক্ষৰ হয় ৷ এয়া বড়োসকলৰ ঐতিহাসিক বিজয় বুলি কয় ৷ এই চুক্তিৰ জৰিয়তে বি টি আৰত এতিয়া শৈক্ষিক, অর্থনৈতিক, সাংস্কৃতিক ক্ষেত্রত আন্দোলন গঢ়ি তুলিব লাগিব বুলি মন্তব্য কৰে ৷ আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাও এই চুক্তিক আদৰণি জনোৱা প্রসংগত তেওঁ কয় যে এয়া নিঃসন্দেহে আদৰণীয় ৷ দহ সহস্রাধিক লোকে অংশগ্রহণ কৰা এই অনুষ্ঠানত এন ডি এফ বি (পি)ৰ বিত্ত সচিব এম গেৰেমা, প্রচাৰ সচিব বি বডোছা, এন ডি এফ বি (এছ)ৰ অধ্যক্ষ বি নেইচন, সাংস্কৃতিক সম্পাদক বি দৌথাই, কৃষি সচিব আৰ লৌমশ্রাও, বাগ্সা জিলা এবছুৰ প্রাক্তন সভাপতি বিজয় সৌমখৌৰ বসুমতাৰী, সদৌ মদাহি–কছাৰী ছাত্র সন্থাৰ সভাপতি সুৰেন্দ্রনাথ মদাহি, উপদেষ্টা দণ্ডি মদাহি, বিজেপিৰ জিলা সভপতি ৰাম দাহাল আদিকে ধৰি বডো সাহিত্য সভাৰ বহু নেতা–কর্মী উপস্থিত থাকে ৷

You might also like