নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ সংখ্যক মৃত্যুতিথিত হস্তীৰ কন্যাক প্রান্তে প্রান্তে সশ্রদ্ধ স্মৰণ

গুৱাহাটীত প্রতিমা বৰুৱা পাণ্ডেক শ্রদ্ধাঞ্জলি আছুৰ

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ হস্তীৰ কন্যা তথা গোৱালপৰীয়া লোকগীতৰ সাম্রজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ ১৭ সংখ্যক মৃত্যু তিথিত ৰাজ্যবাসীয়ে স্মৰণ কৰে ৷ গোৱালপৰীয়া লোকগীতেৰে অসমৰ সংগীত জগতখনক সমৃদ্ধ কৰা প্রতিমা বৰুৱা পাণ্ডেলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি শুকুৰবাৰে সদৌ অসম ছাত্র সন্থাই গুৱাহাটীৰ চানমাৰিস্থিত শ্বহীদ উদ্যানত থকা শিল্পীগৰাকীৰ প্রতিমূর্তিত বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি অর্পণেৰে শ্রদ্ধাঞ্জলি জনায় ৷ এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে পুষ্পাঞ্জলি অর্পণ কৰি শ্রদ্ধাঞ্জলি জনোৱাৰ পিছতে গোৱালপৰীয়া লোকগীতৰ সাম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ জীয়ৰী অলকা পাণ্ডে, গোৱালপৰীয়া লোকগীতৰ শিল্পী মিনি ভট্টাচার্য, জৱা চক্রৱর্তী, মঞ্জুলা হাজৰিকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট শিল্পী, নাগৰিক আৰু ছাত্র–ছাত্রীয়ে শিল্পীগৰাকীৰ মৃত্যু তিথিত শ্রদ্ধাঞ্জলি জনায় ৷

সন্ধিয়া শ্বহীদ উদ্যানত থকা পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডেৰ প্রতিমূর্তিৰ তলত বন্তি প্রজ্বলন কৰা হয় ৷ উল্লেখ্য যে গোৱালপৰীয়া লোকগীতৰ সাম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডে গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিছিল ৷ যাৰ ফলত যশস্বী শিল্পীগৰাকীলৈ পদ্মশ্রী, সংগীত–নাটক একাডেমীকে ধৰি কেইবাটাও ৰাষ্ট্রীয় সন্মানেৰে সন্মানিত কৰা হৈছিল ৷ মৃত্যু তিথিত এইগৰাকী মহান শিল্পীৰ সোঁৱৰণত ৰাজ্যৰ বিভিন্ন স্থানত শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ গৌৰীপুৰতো একেলগে এশ দোতাঁৰা বজাই শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জনায় ৷ ইফালে সাম্প্রতিক পৰিস্থিতিৰ বাবে আছুৱে প্রদান কৰি অহা প্রতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা এইবাৰ প্রদান কৰা নহ’ল ৷

You might also like