নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২০-২১ ৰ পূৰ্বে উঃপূবৰ সকলো ৰাজধানী বিমান, ৰে’ল আৰু পথ পৰিবহণেৰে সংযুক্ত হ’ব

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ আহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনোৱাৰ পাচতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৰাওনা হয় অৰুণাচললৈ ।

অৰুণাচল প্ৰদেশৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে । ২০২০-২১ ৰ পূৰ্বে অৰুণাচলত বিমানবন্দৰৰ লগতে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীৰ সৈতে বিমান, ৰে’ল আৰু পথ পৰিবহণৰ ব্যৱস্থা সম্পূৰ্ণ কৰা হ’ব । পূৰ্বে সন্ত্ৰাসবাদৰ বাবে বিখ্যাত উত্তৰ-পূব এতিয়া উন্নয়ন, ক্ৰীড়া আৰু জৈৱিক কৃষিৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত বুলি উল্লেখ কৰে গৃহমন্ত্ৰীগৰাকীয়ে । নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে মাত্ৰ ৫ টা বছৰতে উত্তৰ-পূবক এক নতুন ৰূপ দিয়া বুলি কয় অমিত শ্বাহে ।

You might also like