২০২১ত অসমত বিজেপি চৰকাৰ হ’বইঃ হাগ্ৰামা মহিলাৰী
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ BTRৰ বিজয় উৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। হাব্ৰুবাৰীত ‘বিজয় উৎসৱ’ৰ বিশাল আয়োজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বিজেপিৰ বহু নেতা-কৰ্মী। শতাধিক লোকৰ সমাগম হোৱা বিজয় উৎসৱত শতাধিক বড়ো যুৱক-যুৱতীয়ে আদৰি আনে প্ৰধানমন্ত্ৰীক মোদীক। বিজয় উৎসৱৰ আদৰণি ভাষণ হাগ্ৰামা মহিলাৰীৰ। অসমীয়া ভাষাত সম্বোধন কৰা ভাষণত হাগ্ৰামা মহিলাৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ বাবেই বড়ো সমস্যা সমাধান হ’ল। BTRত কোনো জাতি-জনগোষ্ঠীৰ ভয়ৰ কাৰণ নাই।২০২০ত BTCত জয়ী হ’ব BPF আৰু ২০২১ চনত অসমত পুনৰ বিজেপিৰ চৰকাৰ হ’বই বুলি মন্তব্য কৰে BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ।