নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৩–২৪ শিক্ষাবর্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণঃ ১৯টা ভাষা, ৮টা মাধ্যমৰ বাবে প্রকাশ কৰা হৈছে ৩,৩৫,৪৩,০৬৩খন পাঠ্যপুথি

  • ৰাজ্যৰ ‘ক’ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ৬০,৪০,১১৫গৰাকীৰ মাজত কৰা হ’ব বিতৰণ
  • শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে বিতৰণ কার্যসূচী
  • পাঠ্যপুথি নাপালে মোক মেছেজ কৰক –শিক্ষামন্ত্রীৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ: শিক্ষা বিভাগে বিতৰণ কৰা বিনামূলীয়া পাঠ্যপুথিৰ পৰা কোনো ছাত্র–ছাত্রী বঞ্চিত হ’লে পোনপটীয়াকৈ শিক্ষামন্ত্রীক অৱগত কৰক৷ ৰাজ্য চৰকাৰে সঠিকভাৱে প্রেৰণ কৰা বিনামূলীয়া পাঠ্যপুথি কোনো ছাত্র–ছাত্রীয়ে যদি লাভ নকৰে, তেন্তে তাৰ বাবে অভিভাৱক তথা পিতৃ–মাতৃ সজাগ হ’ব লাগে৷ ছাত্র–ছাত্রীসকলে সঠিকভাৱে পাঠ্যপুথি লাভ কৰিছে নে নাই, তাক পর্যবেক্ষণ কৰাৰ দায়িত্ব সমাজ আৰু বিদ্যালয় কর্তৃপক্ষৰো আছে৷ যদি কোনো ছাত্র–ছাত্রীয়ে পাঠ্যপুথি লাভ নকৰে, তেন্তে পোনপটীয়াকৈ মোলৈ মেছেজ কৰক৷ তৎকালীনভাৱে ব্যৱস্থা গ্রহণ কৰা হ’ব৷ –এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ৷

অসম ৰাজ্যিক পুথি প্রণয়ন আৰু প্রকাশন নিগমৰ নাৰেংগীৰ বোন্দাস্থিত কেন্দ্রীয় ভঁৰালৰ পৰা ৰাজ্যখনৰ ছাত্র–ছাত্রীসকলৰ বাবে ২০২৩–২৪ বর্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কার্যসূচী আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ ১৯টা ভাষা আৰু ৮টা মাধ্যমৰ বাবে ৩,৩৫,৪৩,০৬৩খন পাঠ্যপুথি এইবাৰ প্রকাশ কৰা হৈছে আৰু ৰাজ্যৰ ‘ক’ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে ৬০,৪০,১১৫গৰাকী শিক্ষার্থীৰ মাজত এই পাঠ্যপুথিসমূহ বিতৰণ কৰা হ’ব৷ আজি এই অনুষ্ঠানতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিনামূলীয়া পাঠ্যপুথি ছাত্র–ছাত্রীসকলে লাভ কৰাৰ ক্ষেত্রত অভিভাৱক আৰু বিদ্যালয় কর্তৃপক্ষক সজাগ দৃষ্টি ৰাখিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে কয় যে নতুন শিক্ষাবর্ষ আৰম্ভ হোৱাৰ আগে আগে ছাত্র–ছাত্রীসকলে বিনামূলীয়া পাঠ্যপুথি যাতে লাভ কৰে, তাৰ প্রতি লক্ষ্য ৰাখি এই প্রচেষ্টা ত্বৰান্বিত কৰা হৈছে৷ বর্তমান শিক্ষা বিভাগে নিৰৱচ্ছিন্ন প্রচেষ্টাৰে বিদ্যালয়সমূহত গুণগত শিক্ষা প্রদানৰ পৰিপ্রেক্ষিতত বিদ্যালয়সমূহত ছাত্র–ছাত্রীৰ সংখ্যা বৃদ্ধি কৰিছে৷ তেওঁ ইয়াকো উল্লেখ কৰে যে শিক্ষা বিভাগে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ বিভিন্ন পৰিকল্পনা হাতত লৈছে৷ তদুপৰি গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ মান পৰীক্ষা কৰাৰ সমান্তৰালভাৱে আন্তঃগাঁথনিৰ দিশসমূহো পৰীক্ষা কৰা হৈছে৷

উল্লেখ্য যে বিনামূলীয়াকৈ প্রেৰণ কৰা পাঠ্যপুথিৰ লগত এইবাৰ বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্রেৰণ কৰা হৈছে৷ শিক্ষামন্ত্রীগৰাকীয়ে এই সন্দর্ভত উল্লেখ কৰে যে বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজীত অধ্যয়ন কৰাৰ বাবে পূর্বে লোৱা সিদ্ধান্ত অনুসৰিয়েই ইংৰাজী ভাষাত এই দুটা বিষয়ৰ পাঠ্যপুথি যোগান ধৰা হৈছে৷ এইক্ষেত্রত যদি নির্র্দিষ্ট কোনো বিদ্যালয়ৰ ইংৰাজী ভাষাত পাঠদান কৰাত সমস্যা থাকে, তেন্তে বিদ্যালয় পৰিদর্শকৰ সৈতে বিষয়টো আলোচনা কৰি অসমীয়া ভাষাতো বিজ্ঞান আৰু গণিতৰ পাঠদান দিব পাৰিব৷ শিক্ষা বিভাগে মুখ্যতঃ গণিত–বিজ্ঞান বিষয় দুটা ইংৰাজীত অধ্যয়ন কৰিলে অদূৰ ভৱিষ্যতে হ’ব পৰা সুফলৰ বিষয়টোৰ ওপৰত গুৰুত্ব দিছে৷ আজিৰ পাঠ্যপুথি বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠানত পাঠ্যপুথি প্রণয়ন নিগমৰ অধ্যক্ষ দেৱানন্দ হাজৰিকা, উপাধ্যক্ষ তুলসী বৰঠাকুৰ, সমগ্র শিক্ষা মিছন সঞ্চালক ড০ ওম প্রকাশ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, পৰিচালন সঞ্চালক এছ এন চৌধুৰীৰ লগতে আন বিশিষ্ট লোকসকলো উপস্থিত থাকে৷

You might also like