২০ এপ্রিলৰ পৰা অইলৰ নিয়মীয়া কাম–কাজ
নিয়মীয়া বার্তা, ১৮ এপ্রিলঃ সাম্প্রতিক সংকটজনক পৰিস্থিতি পর্যালোচনা কৰি ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্রালয়ে লকডাউনৰ দ্বিতীয় পর্যায়ৰ মাজতে অহা ২০ এপ্রিলৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় স্তিমিত কাম–কাজ ১০০ শতাংশই নিয়মীয়াকৈ চলা বুলি ঘোষণা কৰিছে ৷ দুলীয়াজানস্থিত অইল ইণ্ডিয়া ক্ষেত্রীয় মুখ্য কার্যালয়কে ধৰি অসমৰ ভৌগোলিক খণ্ডত অৱস্থিত অইলৰ উৎপাদন আৰু খনন বিভাগৰ কার্যালয় আদি সংলগ্ন সমূহ বিভাগীয় ১০০ শতাংশ কাম–কাজ কার্যালয়ৰ পৰা পৰিচালনা কৰিব বিষয়াসহ ৩৩ শতাংশ কর্মচাৰীয়ে ৷
জিলা উপায়ুক্তৰ শেহতীয়া নির্দেশ অনুসৰি ৰোগ সংক্রমণ প্রতিৰোধ কৰাৰ উদ্দেশ্যে সামাজিক দূৰত্ব বর্তাই অইল ইণ্ডিয়াৰ বিভাগীয় কার্যালয়সমূহ সদ্যহতে ৩৩ শতাংশ কর্মচাৰীৰ দ্বাৰা চলিব ৷ লকডাউনৰ প্রথম পর্যায়ত যিসকল ৫০ শতাংশ বিষয়া–কর্মচাৰীয়ে নিয়মাৱলী অনুসৰি ঘৰৰ পৰাই কার্যালয়ৰ যাৱতীয় কাম–কাজ আংশিকভাৱে চোৱাচিতা কৰিছিল, সেই সকলো বিষয়া–কর্মচাৰীক সামৰি ইতিমধ্যে অইলৰ বিভাগীয় বিষয়াসকলে পুনৰ নাম তালিকা অন্তর্ভুক্ত এখন কর্মসূচী তৈয়াৰ কৰিছে ৷
উল্লেখ্য যে লকডাউনৰ প্রথম পর্যায়ত অইল ইণ্ডিয়াই চৰকাৰী সজাগতামূলক নীতি–নির্দেশনাৰ মাজেৰে অত্যাৱশ্যকীয় খাৰুৱা তেল আৰু এল পি জিৰ উৎপাদন প্রক্রিয়া চলাই আহিছিল যদিও খনন প্রক্রিয়া আশানুৰূপভাৱে হোৱা নাছিল৷ লকডাউনৰ প্রথম পর্যায় চলি থকা সময়তে অর্থাৎ ৬ এপ্রিলৰ পৰা অইল ইণ্ডিয়াই সকলো নীতি–নির্দেশনা মানি চলি তৈলখাদসমূহ ক্রমান্বয়ে সক্রিয় কৰি তোলাৰ প্রচেষ্টা হাতত লয়৷ সদ্যহতে চলিত লকডাউনৰ দ্বিতীয় পর্যায়ৰ আৰম্ভণিতে প্রশাসনে কঠোৰ নীতি বলৱৎ কৰাৰ পিছত পৰিস্থিতি সাপেক্ষে ২০ এপ্রিলৰ পৰা অহা ৩ মে’লৈ লকডাউন কিছু শিথিল কৰা সম্ভাৱনাৰ সময়ছোৱাত অইল ইণ্ডিয়াৰ ১০০ শতাংশ কাম–কাজ পূর্ণগতিত চলাৰ আশংকা কৰা হৈছে৷ পৰৱর্তী পর্যায়ত পুনৰ পেড্র’লিয়াম মন্ত্রালয়ৰ নির্দেশ অনুসৰি অইল ইণ্ডিয়া লিমিটেডে পুনৰ কর্মসূচী সালসলনি কৰাৰ সম্ভাৱনা আছে ৷