নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ দেশজুৰি চলি থকা লকডাউনৰ মাজতে ২১ এপ্ৰিলৰ পৰা ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয় খোলাৰ নিৰ্দেশ জাৰি কৰিছে অসম চৰকাৰে । দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ পাছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কাৰ্যালয়সমূহ চলাই নিয়াৰ বাবে বান্ধি দিয়া নীতি-নিয়ম অনুসৰিয়েই অহা মঙলবাৰৰ পৰা অসম চৰকাৰৰ অধীনস্থ প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ আৰম্ভ কৰাৰ বাবে শনিবাৰে সাধাৰণ প্ৰশাসন বিভাগে এক নিৰ্দেশনা জাৰি কৰিছে৷ সেই অনুসৰি উপ–সচিব পর্যায়ৰ ওপৰৰ প্রতিজন চৰকাৰী বিষয়াই ২১ এপ্রিলৰ পৰা নিয়মিতভাৱে উপস্থিত থাকিব লাগিব কার্যালয়ত৷ এই সন্দর্ভত সাধাৰণ প্রশাসন বিভাগৰ আয়ুক্ত সচিব ড০ এম অংগমুথুৱে প্রকাশ কৰা এক নির্দেশত স্পষ্ট কৰি দিয়া হৈছে যে প্রথম আৰু দ্বিতীয় শ্রেণীৰ সকলো বিষয়া কার্যালয়ত উপস্থিত থকাৰ বিপৰীতে গ্রেড–৩ আৰু গ্রেড–৪ৰ ৩৩ শতাংশ কর্মচাৰীহে কার্যালয়ত উপস্থিত থাকিব৷ তৃতীয় আৰু চতুর্থ শ্রেণীৰ কোনসকল কর্মচাৰী কার্যালয়লৈ আহিব আৰু কোনসকল কর্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব, সেই বিষয়টো কার্যালয়ৰ মুৰব্বীয়ে স্থিৰ কৰিব৷ ইয়াৰ বাবে মুৰব্বী বিষয়াই ৰোটেচন পদ্ধতি অৱলম্বন কৰিব৷ উল্লেখ্য যে কেন্দ্রীয় গৃহ মন্ত্রালয়ে চৰকাৰী কার্যালয় পৰিচালনাৰ ক্ষেত্রত যোৱা ১৫ এপ্রিলত এক নীতি–নির্দেশনা প্রস্তুত কৰি ৰাজ্যসমূহলৈ প্রেৰণ কৰিছিল৷ সেই অনুসৰি ৰোটেচন ব্যৱস্থাৰ জৰিয়তে যিসকল কর্মচাৰীক ঘৰৰ পৰা কাম কৰিবলৈ নির্দিষ্ট কৰি দিয়া হ’ব, তেওঁলোকে এই সময়ছোৱাত ঘৰৰ পৰাই কার্যালয়ৰ প্রতিটো নির্দেশ অনুসৰণ কৰিব৷ গৃহ মন্ত্রালয়ৰ এই নীতি–নির্দেশনা উল্লেখ কৰি ৰাজ্য চৰকাৰে আজি প্রকাশ কৰা জাননীত স্পষ্ট কৰি দিছে যে ঘৰৰ পৰা কাম কৰিব লগাসকলে ম’বাইল ফোন বা আন ইলেক্ট্র’নিক মাধ্যমৰ জৰিয়তে পোৱাকৈ সকলো সময়তে সাজু থাকিব লাগিব৷ ঘৰত থকা মানে ছুটীত থকা নুবুজাব৷ যি সময়তে কার্যালয়ে বিচাৰে, সেই অনুসৰি কাম কৰিব লাগিব অথবা কার্যালয়ত উপস্থিত হ’ব লাগিব৷ ইফালে কার্যালয়ত উপস্থিত থকা কর্মচাৰী তথা বিষয়াসকলৰ মাজত সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্রত অধিক গুৰুত্ব দিবলৈ কোৱা হৈছে৷ সমান্তৰালভাৱে ছেনিটাইজেচনৰ ক্ষেত্রতো প্রতিটো চৰকাৰী কার্যালয়ক বিশেষ গুৰুত্ব দিবলৈ নির্দেশ দিয়া হৈছে৷ মন কৰিবলগীয়া যে লকডাউনৰ বাবে ৰাজ্য চৰকাৰৰ সকলো কার্যালয় বন্ধ থকাৰ পাছতো স্বাস্থ্য বিভাগ, গৃহ বিভাগকে ধৰি কেইবাটাও জৰুৰী সেৱাৰ লগত জড়িত বিভাগৰ কর্মচাৰীয়ে কাম–কাজ অব্যাহত ৰাখিছিল৷ বিশেষকৈ স্বাস্থ্য বিভাগ যোৱা সময়ছোৱাত সকলো সময়তে সক্রিয় হৈ আছে৷ আজি ৰাজ্য চৰকাৰে জাৰি কৰা এই নির্দেশৰ পাছতে মঙলবাৰৰ পৰা সকলো কার্যালয় পূর্বৰ দৰে সক্রিয় হৈ পৰিব৷ বিশেষকৈ বাৰিষাৰ পূর্বে মথাউৰি মেৰামতিৰ কাম, এনৰেগাৰ কাম, কৃষিকর্মৰ লগত জড়িত বহু কামৰ ফাইল এতিয়াও আবদ্ধ হৈ আছে সচিবালয়কে ধৰি ৰাজ্যৰ বিভিন্ন কার্যালয়ত ৷