২৪ ঘণ্টাত আক্রান্ত ১০১ চিকিৎসালয়ৰ পৰা উভতিল ২৫গৰাকী
নিয়মীয়া বাৰ্তা, ২৮ মেঃ ৰাজ্যত ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি অব্যাহত আছে৷ যোৱা দুটা দিনত দ্বি–শতাধিক আক্রান্ত হোৱাৰ পাছত পুনৰ ১০১জন লোক ক’ৰোনাত আক্রান্তহয়৷ এনে অৱস্থাত ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ৭৮৩লৈ বৃদ্ধি পাইছে৷ আজি পুৱাৰ ভাগত চাৰিজন লোক ক’ভিড–১৯ আক্রান্ত চিনাক্ত হোৱাৰ তথ্য টুইটাৰযোগে প্রকাশ কৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইয়াৰে ৩জন নগাঁৱৰ আৰু ১জন ধেমাজিৰ৷
আনহাতে, দুপৰীয়াৰ ভাগত মন্ত্রীগৰাকীয়ে ১৮জন লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ তথ্য প্রকাশ কৰে৷ ইয়াৰে গোলাঘাটৰ ১৪জন, কার্বি আংলঙৰ ২জন, লখিমপুৰৰ ১জন আৰু বিমানযোগে আহমেদাপুৰৰ পৰা অহা ১জন লোক৷ আনহাতে, বিয়লিৰ ভাগত আন ১০জন লোক ক’ভিড–১৯ আক্রান্ত হিচাপে চিনাক্ত হয়৷ ইয়াৰে ৯জন চৰাইদেউ আৰু ১জন শিৱসাগৰৰ৷ ইয়াৰ পাছতে পুনৰ সন্ধিয়া স্বাস্থ্যমন্ত্রীগৰাকীয়্ টুইটাৰযোগে ৬০জন লোক আক্রান্ত হোৱাৰ তথ্য প্রকাশ কৰে৷ ইয়াৰে ৪১জন কামৰূপ (মহানগৰ)ৰ, ৯জন হোজাইৰ, ৫জন মৰিগাঁৱৰ, ৪জন দৰঙৰ আৰু ১জন কামৰূপৰ৷
নিশা ১১.৪৫ বজাত স্বাস্থ্যমন্ত্রীয়ে পুনৰ ৯জন লোক ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি প্রকাশ কৰে৷ ইয়াৰে ৫জন হোজাইৰ আৰু এজনকৈ নগাঁও, মৰিগাঁও, কামৰূপ (মহানগৰ) আৰু যোৰহাট জিলাৰ৷ মন কৰিবলগীয়া যে বহিঃৰাজ্যৰ পৰা অসমলৈ উভতি অহা লোকৰ আগমন অব্যাহত আছে৷ যোৱা সময়ছোৱাত বহিঃৰাজ্যৰ পৰা অহা লোকৰ দ্বাৰা সংক্রমণ বৃদ্ধি পোৱাৰ ফলতে ৰাজ্যত যোৱা ৭২ ঘণ্টাত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা৷ সোমবাৰে ১৫৬গৰাকী লোক আক্রান্ত হোৱাৰ পাছত আক্রান্তৰ সংখ্যা আছিল ১৩৪জন৷
আনহাতে, ১০১জনলৈ বৃদ্ধি পায় ক’ৰোনা আক্রান্তৰ সংখ্যা৷ অৱশ্যে আক্রান্ত লোকৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ আজি ২৫গৰাকী ক’ৰোনামুক্ত লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ প্রকাশ কৰা তথ্য অনুসৰি ২২জনক মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা, ২জনক শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা, এজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰিলিজ দিয়া হৈছে৷ সেই অনুসৰি ৰাজ্যত এতিয়া মুঠ আক্রান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৭৮৩জন৷ চিকিৎসাধীন হৈ আছে ৬৮৯জন৷ আনহাতে, ৪জনৰ মৃত্যুৰ বিপৰীতে ৩জন প্রব্রজিত আক্রান্ত ৰূপে চিনাক্ত হৈ আছে৷