নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টাৰ পাচত উদ্ধাৰ দেৱযানীৰ মৃতদেহঃ মাতৃক শাস্তিৰ দাবী স্থানীয় ৰাইজৰ

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ দিখৌ নদীত উদ্ধাৰ দেৱযানী দাস নামৰ ৭ বছৰীয়া শিশুটিৰ মৃতদেহ । প্ৰথম শ্ৰেণীত অধ্যয়নৰত শিশুটিৰ মৃতদেহ শনিবাৰে দিনৰ ১১.৩০ বজাত উদ্ধাৰ হোৱাৰ পাচতেই এতিয়া কন্যা হত্যাকাৰী মাতৃ অনুপমা দাসৰ কঠোৰতম শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজে । উল্লেখ্য যে, শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত নামদাঙত শুকুৰবাৰে পুৱা মাতৃয়ে নিজৰ কন্যাক দিখৌৰ বুকুলৈ দলিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ জিলাতে চাঞ্চল্যৰ সৃষ্টি হৈছে । নামদাঙ নিবাসী দেৱেশ্বৰ হাজৰিকা নামৰ ব্যক্তিজনৰ পত্নী অনুপমা দাসে প্ৰথম শ্ৰেণীত অধ্যয়নৰত দেৱযানীক নদীত দলিয়াই দিয়াৰ পাচতেই ৰহস্যৰ সৃষ্টি হৈছে অঞ্চলটোত । কিয়নো নিজ পুত্ৰক তাৰ দুটা দিন পূৰ্বে বিস্কুট আৰু গাখীৰ দিয়াৰ প্ৰলোভনেৰে দিখৌৰ পাৰলৈ লৈ গৈছিল অনুপমাই । ঘটনাৰ পাচতেই ঘটনাস্থলীত জয়সাগৰ আৰক্ষী উপস্থিত হৈ অনুপমাক নিজৰ জিম্মাত লোৱাৰ লগতে উদ্ধাৰকাৰী দলৰ সৈতে দেৱযানীৰ মৃতদেহ উদ্ধাৰৰ চেষ্টা চলায় ।

মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে এতিয়া অঞ্চলটোৰ নাৰীসকলে এনে মাতৃৰ কঠোৰতম শাস্তিৰ দাবী তুলিছে । উল্লেখ্য যে, শুকুৰবাৰৰ পৰাই এছ ডি আৰ এফে অভিযান চলায় যদিও অৱশেষত প্ৰায় দুই কিলোমিটাৰ দূৰত্বত উদ্ধাৰ কৰে দেৱযানীৰ মৃতদেহ ।

You might also like