নিয়মীয়া বার্তা, ৩ মে’ : লকডাউনৰ মাজতে ৰাজ্যৰ লাখ লাখ পৰীক্ষার্থীৰ বাবে সুখবৰ৷ ২০ৰ পৰা ২৫ জুনৰ ভিতৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রকাশ কৰিব কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ ‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা এক আছুতীয়া বার্তালাপত এই কথা সদৰী কৰিছে শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কাকতিয়ে ৷ লকডাউনৰ মাজতে শিক্ষা সংসদে ৯০ শতাংশ উত্তৰবহী চোৱাৰ কাম সম্পূর্ণ কৰা বুলি জানিবলৈ দিয়ে সচিব কাকতিয়ে৷ ইতিমধ্যে ৰাজ্যৰ ৬টা জ’নে শিক্ষা সংসদলৈ প্রেৰণ কৰিছে সকলো উত্তৰবহী ৷ অন্য ১৪টা জ’নে উত্তৰবহী চোৱাৰ প্রক্রিয়া সম্পূর্ণ কৰাৰ উপৰি আন ২৮টা জ’নত সম্পূর্ণ হৈছে ৯৫ শতাংশ উত্তৰবহী চোৱাৰ কাম৷ ইয়াৰ মাজতে শিক্ষা সংসদৰ সচিব কাকতিয়ে ৰাজ্যৰ ৫৫জন কলেজ অধ্যক্ষ আৰু মাণ্ডলিক বিষয়াৰ লগত মিলিত হয় এখন ভিডি’ কনফাৰেঞ্চত ৷ এই ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে সকলো উত্তৰবহী মূল্যায়ন কেন্দ্রসমূহক ৭ মে’ৰ ভিতৰত বহীসমূহ জমা দিবলৈ নির্দেশ দিছে সচিব কাকতিয়ে ৷ ইফালে, লকডাউনৰ বাবে পৰীক্ষাৰ ফলাফল প্রকাশত কিবা অসুবিধা হ’ব নেকি বুলি সোধা প্রশ্নৰ উত্তৰত সচিব কাকতিয়ে কয় যে আমি এই পর্যন্ত সকলো কাম অতি নিয়াৰিকৈ কৰিছোঁ, অৱশ্যে কিছু ক্ষেত্রত লকডাউনে অসুবিধাৰ সৃষ্টি কৰিছে যদিও ফলাফল প্রকাশত কোনো প্রভাৱ নপৰে৷ অর্থাৎ লকডাউনৰ মাজতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ ফলাফল প্রকাশ কৰিবলৈ যুদ্ধকালীন গতিত প্রচেষ্টা অব্যাহত ৰাখিছে শিক্ষা সংসদে৷ উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষাত অৱতীর্ণ হৈছে প্রায় ২ লাখ ৩৪ হাজাৰ পৰীক্ষার্থী ৷