নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ হাজাৰ গাঁও, ১৫০০ বাগিচা পাহাৰ–ভৈয়ামৰ ৯৮ চহৰৰ সম–উন্নয়নৰ লক্ষ্য

বৰাকত গাঁওৰক্ষী বাহিনীৰ প্রতিষ্ঠা দিৱসত মুখ্যমন্ত্রী সোণোৱাল

নিয়মীয়া বার্তা, ৩০ জানুৱাৰীঃ ‘অসমৰ ২৬ হাজাৰখন গাঁও, ১,৫০০খন চাহ বাগিচা আৰু বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ ৯৮খন সৰু–বৰ চহৰৰ সম–উন্নয়ন আমাৰ লক্ষ্য৷ অসমৰ ৩৩খন জিলাত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠী, ভাষা–ধর্মাৱলম্বী লোকে ঐক্যবদ্ধ প্রচেষ্টাৰে সমন্বয়ৰ দ্বাৰা এখন শক্তিশালী ৰাজ্য হিচাপে অসমক গঢ়ি তোলাৰ ক্ষেত্রত আমি মিলিত প্রচেষ্টাত অৱতীর্ণ হৈছোঁ ৷ আমাৰ লক্ষ্য হৈছে একেলগে থাকিম, মিলাপ্রীতিৰে থাকিম আৰু এনেদৰে এখন শক্তিশালী অসম গঢ়ি তুলিম ৷ সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ আদর্শৰে আমি বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম একাকাৰ কৰি সমন্বয়ৰ দ্বাৰা এখন শক্তিশালী অসম গঢ়ি বিশ্ব জয়ৰ পথত অগ্রসৰ হ’ব লাগিব ৷’ বুধবাৰে শিলচৰৰ পুলিচ পেৰেড গ্রাউণ্ডত গাঁওৰক্ষী বাহিনীৰ ৭১ সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয় ৷

মুখ্যমন্ত্রী সোণোৱালে কয় যে গাঁওৰক্ষী বাহিনীৰ মৌলিক দায়িত্ব আৰু কর্তব্য হৈছে ৰাজ্যখনৰ গাঁওসমূহৰ জনসাধাৰণক সুৰক্ষা প্রদান কৰা ৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে গাঁওৰক্ষী বাহিনীৰ প্রতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱালৈ গভীৰ শ্রদ্ধা জ্ঞাপন কৰে৷ তেওঁৰ আদর্শৰে গাঁওসমূহৰ স্বাভিমান আৰু মর্যাদা বৃদ্ধিৰ দিশত গাঁওৰক্ষী বাহিনীৰ সদস্য–সদস্যাসকল গভীৰ নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে আহ্বান জনায় ৷ মুখ্যমন্ত্রীয়ে লগতে গাঁওৰক্ষী বাহিনীসমূহক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ বাবেও আহ্বান জনায়৷ অসমত এক শক্তিশালী গণতান্ত্রিক বাতাৱৰণ অক্ষুণ্ণ ৰখাৰ বাবে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰাৰ ওপৰতো মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে ৷ অসমৰ গাঁওৰক্ষী বাহিনী এতিয়া ভাৰতৰ এক শক্তিশালী অনুষ্ঠানলৈ পৰিণত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে আগন্তুক দিনৰ প্রত্যাহ্বানসমূহ সঠিক ৰূপত মোকাবিলা কৰাৰ দিশত গাঁওৰক্ষী বাহিনীৰ সদস্য–সদস্যাসকল প্রস্তুত বুলিও মন্তব্য কৰে ৷ কাছাৰ জিলাৰ বৰাক উপত্যকাত প্রথমবাৰৰ বাবে গাঁওৰক্ষী বাহিনীৰ প্রতিষ্ঠা দিৱস অনুষ্ঠিত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে এইখন চৰকাৰে ব্রহ্মপুত্রৰ লগতে বৰাক উপত্যকাকো সমানে গুৰুত্ব দিছে বুলি মন্তব্য কৰে ৷

মুখ্যমন্ত্রীয়ে দুয়োখন উপত্যকাৰ জনসাধাৰণৰ মাজত মনৰ আদান–প্রদান কৰি সমন্বয়ৰ দ্বাৰা বৰ অসমৰ ভেটি শক্তিশালী কৰাৰ বাবেও আহ্বান জনায়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নীতিৰ আধাৰত ভাৰতৰ ২৮খন ৰাজ্য আৰু ৯খন কেন্দ্রীয় শাসিত অঞ্চলত সম–উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে৷ এই নীতি সাৰোগত কৰি বর্তমানৰ ৰাজ্য চৰকাৰেও ৰাজ্যখনৰ সকলো অঞ্চলৰে সম–বিকাশ আৰু সম–উন্নয়নত গুৰুত্ব আৰোপেৰে শক্তিশালী পদক্ষেপ লৈছে বুলিও তেওঁ মন্তব্য কৰে৷ এই চৰকাৰৰ কার্যকালত বৰাক উপত্যকাৰ ৰাস্তা–পদূলিকে ধৰি আন্তঃগাঁথনিগত উন্নয়নৰ দিশত শক্তিশালী পদক্ষেপ লোৱা হৈছে বুলি তেওঁ কয়৷ বৰাক উপত্যকাৰ জনসাধাৰণৰ বাবে প্রশাসন যন্ত্রক কাষ চপাই নিয়াৰ উদ্দেশ্য আগত ৰাখিয়েই বর্তমানৰ ৰাজ্য চৰকাৰখনে শিলচৰত মিনি ছেক্রেটেৰিয়েট স্থাপনৰ দৰে শক্তিশালী পদক্ষেপ লৈছে৷ বিগত নির্বাচনৰ পূর্বে এই বৰাক উপত্যকাতে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বাংলাদেশ, আফগানিস্তান, পাকিস্তানত ধর্মীয় উৎপীড়নৰ বলি হৈ ভাৰতবর্ষলৈ অহা লোকক নাগৰিকত্ব প্রদানৰ বাবে পদক্ষেপ লোৱা হ’ব বুলি প্রতিশ্রুতি দিছিল আৰু এতিয়া ইয়াক হাতে–কামে ৰূপায়ণৰ বাবে পদক্ষেপ লৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে অসমক সকলো দিশতে শক্তিশালী কৰাৰ বাবে নিষ্ঠাসহকাৰে কঠোৰ পৰিশ্রমত ব্রতী হোৱাৰ বাবেও সকলোকে আহ্বান জনায়৷ গাঁওসমূহৰ সৌন্দর্য আৰু সুৰক্ষাৰ দিশত গাঁওৰক্ষী বাহিনীসমূহে ইয়াৰ স্থাপন কালৰে পৰা নিষ্ঠাসহকাৰে দায়িত্ব পালন কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে গাঁওৰক্ষী বাহিনীৰ প্রতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ নামত এখন ফুটবল ট্রফী আয়োজন কৰা হ’ব বুলিও কয়৷ আন্তঃজিলা ভিত্তিত আয়োজন কৰিবলগীয়া এই প্রতিযোগিতাৰ বিজয়ী দলক ৩ লাখ টকা, বিজিত দলক ২ লাখ আৰু তৃতীয় পুৰস্কাৰপ্রাপ্ত দলক ১ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব বুলিও তেওঁ কয়৷ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ যুৱক–যুৱতীসকলৰ্ বাবে বর্তমানৰ চৰকাৰে দক্ষতা বিকাশৰ কার্যসূচী গ্রহণ কৰিছে আৰু এই কার্যসূচী তৃণমূল পর্যায়লৈ লৈ যোৱাৰ দিশত গাঁওৰক্ষী বাহিনীৰ সদস্য–সদস্যাসকল্ মুখ্য ভূমিকা পালন কৰিব লাগিব বুলি মুখ্যমন্ত্রী সোণোৱালে কয়৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেওঁলোকলৈ মাননিও দিয়া হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়৷ এই অনুষ্ঠানতে গাঁওৰক্ষী বাহিনীৰ উৎকৃষ্টতা প্রদর্শন কৰা সদস্য–সদস্যাকো মানপত্র প্রদান কৰে৷ আনহাতে অনুষ্ঠানৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথা–বতৰাত মুখ্যমন্ত্রীয়ে ৰাজ্যখনত স্থায়ী শান্তি প্রতিষ্ঠাৰ বাবে এতিয়ালৈ মূলসুঁতিলৈ উভতি নহা সকলোবোৰ সশস্ত্র সংগঠনৰ সদস্যক আহ্বান জনায়৷ সংবিধানৰ গণ্ডীৰ ভিতৰত আলোচনাৰ বাবে চৰকাৰৰ দুৱাৰ সদায়ে মুকলি হৈ আছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ আজিৰ এই অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্য, সাংসদ ৰাজদীপ ৰয়, প্রাক্তন কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুৰকায়স্থ, অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ, প্রাক্তন উপাধ্যক্ষ দিলীপ পাল, বিধায়কসকল ক্রমে অমৰ চান্দ জৈন, কিশোৰ নাথ, মিহিৰকান্তি সোম, ডি আই জি দিলীপ দে’, উপায়ুক্ত বর্ণালী শর্মা, আৰক্ষী অধীক্ষক মানৱেন্দ্র দেৱ ৰয়কে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷

You might also like