নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ ডিচেম্বৰত জাগীৰোডত বিজেপিৰ শান্তি সমদল

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ নলবাৰীৰ পিচত এইবাৰ জাগীৰোডত শান্তি-সমদল বাহিৰ কৰিব ৰাজ্যিক বিজেপিয়ে । অহা ২৭ ডিচেম্বৰত জাগীৰোড খেলপথাৰৰ পৰা আৰম্ভ হ’ব লগা এই সমদলত অংশগ্ৰহণ কৰিব প্ৰায় ৫০ হাজাৰ লোকে । ৰাজ্যত হিংসা আৰু অশান্তিৰ বিপৰীতে শান্তি-ঐক্য প্ৰতিষ্ঠাৰ উদ্দেশ্যে বিজেপিয়ে এই মৌন শান্তি সমদল কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

মন্ত্ৰীজনে সংবাদমাধ্যমক জনায় যে গণতান্ত্ৰিক দেশ এখনত শান্তিপূৰ্ণভাৱে অহিংস পন্থাৰে প্ৰতিবাদ আৰু আন্দোলন কৰাৰ অধিকাৰ সকলোৰে থাকে । অৱশ্যে শেহতীয়াভাৱে একাংশ দুষ্কৃতিকাৰীয়ে প্ৰতিবাদৰ নামত হিংসাৰ আশ্ৰয় লৈ অশান্ত কৰি তুলিছিল সমগ্ৰ ৰাজ্য । এইসকল দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ইতিমধ্যে ২৪৪ টা গোচৰ ৰুজু কৰাৰ লগতে ৩৯৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে ।

You might also like