নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০০ ফুট তলত বাগৰিল ডিব্ৰুগড়ৰ কাজিৰ পৰিয়াল

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ অৰুণাচলৰ মায়’ডিয়াত ভয়ংকৰ দুৰ্ঘটনা । ডিব্ৰুগড়ৰ সদৰ কাজি সহ তেওঁৰ পৰিয়াল গৈ থকা বাহনখন মায়’ডিয়াৰ তিৱাৰী গাঁৱত ৩০০ ফুট তলত বাগৰি পৰে । দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছে কাজিৰ লগতে তেওঁৰ পত্নী আৰু সৰু পুত্ৰ ।

সোমবাৰে পুৱা ডিব্ৰুগড়ৰ গৃহৰ পৰা পৰিয়ালটো ওলাই গৈছিল মায়’ডিয়ালৈ আৰু তাতেই সংঘটিত হৈছিল এই দুৰ্ঘটনা । পৰিয়ালৰ সূত্ৰই জনোৱা অনুসৰি কাজি জিল্লুৰ ৰহমান বেগৰ অৱস্থা সংকটজনক হোৱাৰ লগতে পত্নী আতিফা আজহাৰ চুলতানা আৰু সৰুপুত্ৰ মিৰ্জা মাহমুদুৰ ৰহমান আঘাতপ্ৰাপ্ত হৈছে । কাজিৰ পৰিয়াল যোৱা আই টেন গাড়ীখন ৩০০ ফুট তলত পৰি যোৱাৰ ফলত চালক আৰু চামিম আহমেদ নামৰ আন এজন ব্যক্তিও আঘাতপ্ৰাপ্ত হৈছে ।

You might also like