নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ মাৰ্চলৈ অসমৰ চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত বন্ধ বায়’মেট্ৰিক

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ দেশত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰাৰ পাচতেই অসমতো বিৰাজ কৰিছে আতংকই । দেওবাৰে ৰাজ্য চৰকাৰে ২৯ মাৰ্চলৈকে প্ৰতিখন শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰখাৰ বাবে এক জাননী জাৰি কৰে ।

সোমবাৰে ৰাজ্য চৰকাৰে প্ৰতিটো বিভাগ আৰু বেচৰকাৰী প্ৰতিষ্ঠানলৈ ৩১ মাৰ্চ পৰ্যন্ত বায়’মেট্ৰিক বন্ধ ৰখাৰ আহ্বান জনায় । কিয়নো বায়’মেট্ৰিক পদ্ধতিত উপস্থিতিৰ প্ৰমাণ ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হাতৰ আঙুলিৰ জৰিয়তেও বিয়পিব পাৰে এই মাৰাত্মক ক’ৰোনা ভাইৰাছ ।

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে এক বিশেষ পত্ৰৰ যোগে ৩১ মাৰ্চ পৰ্যন্ত বায়’মেট্ৰিক ব্যৱস্থা বন্ধ ৰখাৰ বাবে নিৰ্দেশ দিয়ে প্ৰতিটো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানক । বায়’মেট্ৰিক ব্যৱস্থা বন্ধ ৰখাৰ এই সময়ছোৱাত পূৰ্বৰ দৰেই উপস্থিতিৰ চহী কৰিবলৈও আহ্বান জনালে ৰাজ্যপালগৰাকীয়ে ।

You might also like