৩৭ খন ৰাজ্যৰ ৬,৮০০ তৰুণ প্ৰতিভাই যুঁজিব ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ত
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ব তৃতীয় সংস্কৰণৰ ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’৷ দেশৰ সহস্রাধিক উদীয়মান খেলুৱৈৰ ক্রীড়া প্রতিভা উদ্ভাসিত হ’ব এই ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ত ।
খেলুৱৈৰ সংখ্যাৰ হিচাপত দেশৰ সর্ববৃহৎ প্রতিযোগিতা হিচাপে চিহ্ণিত ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ত দেশৰ ৩৭খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুঠ ৬,৮০০গৰাকী তৰুণ এথলীটে প্রতিদ্বন্দ্বিতাত নামিব৷
অনাগত প্রায় দহ দিন তেওঁলোকে ২০টা ক্রীড়া ইভেণ্টত ২,৭৯৬টা পদকৰ বাবে যুঁজ দিব৷ খেলুৱৈ, বিষয়ববীয়া, ছার্প’ট ষ্টাফ আৰু স্বেচ্ছাসেৱীকে ধৰি সামগ্রিকভাৱে প্রতিযোগিতাখনত অংশ ল’বলগীয়া মুঠ ব্যক্তিৰ সংখ্যা হ’ল ১০,০০০গৰাকী৷ এই বৃহৎসংখ্যক অতিথিক আপ্যায়ন কৰিবলৈ ‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ৰ স্থানীয় উদ্যোক্তা কমিটীয়ে মহানগৰীৰ প্রায় ১০০খন হোটেল বুক কৰিছে৷
উল্লেখ্য যে ৬৫৬ এথলীটেৰে গঠিত শক্তিশালী দলেৰে অসমে প্রতিযোগিতাখনত অৱতীর্ণ হ’ব৷