নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৫ দিনৰ ভিতৰত আৰম্ভ হ’ব গুৱাহাটী–উত্তৰ গুৱাহাটী দলঙৰ কাম

আমিনগাঁৱত পৰিদর্শন বঙলা–জিৰণি কক্ষ উদ্বোধন মন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত মঙলবাৰে স্থানীয় বিধায়ক তথা গড়কাপ্টানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১০ কোটি ব্যয় সাপেক্ষে নির্মাণ কৰি উলিওৱা পৰিদর্শন বঙলা আৰু ৩.৫৮ কোটি টকাৰে নির্মাণ কৰা শীত–তাপ নিয়ন্ত্রিত যাত্রী জিৰণি কক্ষৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৷ গড়কাপ্টানী বিভাগৰ আয়ুক্ত তথা বিশেষ সচিব ৰাজেশ কেম্প্রাই আদৰণী ভাষণ প্রদান কৰা উদ্বোধনী সভাত ভাষণ দি মন্ত্রী ড০ শর্মাই কয়– এই অত্যাধুনিক বঙলাটো নির্মাণৰ জৰিয়তে জালুকবাৰী সমষ্টিৰ এটা ডাঙৰ অভাৱ দূৰ হোৱাৰ লগতে দূৰ–দূৰণিৰ পৰা অহা আলহী–তিথিসমূহ থকাৰ বাবে সুবিধা হ’ব ৷ গুৱাহাটীৰ ব্যাপক যান–জঁটৰ প্রতি লক্ষ্য ৰাখি এই পৰিদর্শন বঙলাৰ লগতে এটি অত্যাধুনিক তিনিমহলীয়া প্রেক্ষাগৃহ নির্মাণ কৰা হ’ব ৷ য’ত যিকোনো চৰকাৰী সভা–সমিতিৰ লগতে স্থানীয় ৰাইজৰ সভা অনুষ্ঠিত কৰাত সুবিধা হ’ব ৷ শীত–তাপ নিয়ন্ত্রিত জিৰণী কোঠা নির্মাণৰ জৰিয়তে যাত্রীসকলৰ দীর্ঘদিনীয়া সমস্যা সমাধান হ’ল বুলি মন্ত্রী ড০ শর্মাই লগতে কয় ৷

ড০ শর্মাই কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যক যাত্রী জিৰণি কক্ষৰ লগতে বাছ ৰখোৱাৰ বাবে যাত্রী জিৰণী কক্ষৰ কাষতে থকা মাটিসমূহ পুতি পেলোৱাৰ কাম আৰম্ভ কৰিবলৈ নির্দেশ দিয়ে ৷ মন্ত্রী ড০ শর্মাই উত্তৰ গুৱাহাটীত ইতিমধ্যে নির্মাণৰ কাম আৰম্ভ হোৱা ষ্টেডিয়ামৰ সমান্তৰালভাৱে শুৱালকুছিতো এখন ষ্টেডিয়াম নির্মাণৰ কাম কৰা হ’ব বুলি কয় ৷ মন্ত্রী শর্মাই চাংসাৰিত নির্মীয়মাণ এইমছৰ পাঠদান অহা বছৰৰ পৰা অস্থায়ীভাৱে আৰম্ভ হ’ব বুলি কয় ৷ ড০ শর্মাই শুৱালকুছিত এখন ইঞ্জিনীয়াৰিং কলেজৰ কাম ছমাহৰ ভিতৰতে আৰম্ভ কৰাৰ লগতে আগন্তুক ৬ মাহৰ ভিতৰত শুৱালকুছি আৰু পলাশবাৰী সংযোগী দলঙৰ নির্মাণৰ কাম হাতত লোৱা হ’ব বুলি মন্তব্য কৰে ৷ মন্ত্রী ড০ শর্মাই ভাষণ প্রসংগত উত্তৰ গুৱাহাটী–গুৱাহাটী সংযোগী দলঙৰ কাম অহা ৪৫ দিনৰ ভিতৰত আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে ৷

মন্ত্রী ড০ শর্মাই গুৱাহাটী–নাৰেংগীলৈ চলিবলগীয়া মেট্র’ ৰে’ল এইমছলৈকে সম্প্রসাৰণ কৰাৰ বাবে কাম কৰি থকা বুলি উল্লেখ কৰে ৷ আমিনগাঁৱত থকা ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামখন সর্বভাৰতীয় বেডমিণ্টন একাডেমীলৈ উন্নীত কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে আমিনগাঁৱত এখন অত্যাধুনিক ক্রিকেট একাডেমীৰ কাম শীঘ্রে আৰম্ভ কৰা হ’ব বুলি তেওঁ সদৰি কৰে ৷ গুৱাহাটীৰ যান–জঁট নির্মূলকৰণৰ উদ্দেশ্যে মালিগাঁৱৰ পুৰণা উৰণীয়া সেঁতুৰ পৰা ভূতনাথলৈ চাৰি কিলোমিটাৰ দৈর্ঘ্যৰ উৰণীয়া সেতুৰো কাম শীঘ্রে আৰম্ভ কৰা হ’ব বুলি কয় মন্ত্রী ড০ শর্মাই ৷ আনহাতে, ৫ কোটি ব্যয়ৰে নির্মাণ কৰা শুৱালকুছি পৰিদর্শন বঙলাও শুভ উদ্বোধন কৰে মন্ত্রী ড০ শর্মাই ৷

You might also like