৪ দিনৰ আৰক্ষী জিম্মালৈ ছাৰ্জিল ইমাম
নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভাবুকি প্ৰদান কৰি ৰাষ্ট্ৰদ্ৰোহ গোচৰত অভিযুক্ত ছাৰ্জিল ইমামক ৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
আৰক্ষীৰ এই ৪ দিনীয়া আৰক্ষী জিম্মাত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে তেওঁক সোধ-পোছ কৰিব ।
ইপিনে আৰক্ষীয়ে জিম্মাত লোৱাৰ পাছতে সাংবাদিকে তেওঁক সোধা কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে ছাত্ৰ নেতাগৰাকী ।
উল্লেখ্য যে ছাৰ্জিল ইমামৰ বিৰুদ্ধে গুৱাহাটী অপৰাধ অনুসন্ধান বিভাগত ইতিমধ্যে আইপিচি ১৫৩(এ), ১৫৩(বি), ১২৪ (এ) ধাৰাত গোচৰ ৰুজু হৈ আছে।