নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ বছৰত কেন্দ্রীয় পুঁজিৰ মাত্র ১১.৮% ব্যয়

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ জলসম্পদ বিভাগৰ চৰম ব্যর্থতাৰ বাবে ৰাজ্যত কালৰূপ ধাৰণ কৰিছে বানপানীয়ে৷ বর্তমানে ৰাজ্যজুৰি তাণ্ডৱ অব্যাহত ৰখা এই বানত এইপর্যন্ত ৫০জনতকৈও অধিক লোকৰ প্রাণহানি হৈছে৷ কার্যতঃ ৰাজ্যখনৰ জলসম্পদ বিভাগে আঁচনি ৰূপায়ণৰ ক্ষেত্রত দেখুওৱা হেমাহিৰ বাবেই এইবাৰ বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷

উল্লেখ্য যে যোৱা বছৰ বানত ৰাজ্যৰ ৩৮টা বৃহৎ মথাউৰি ক্ষতিগ্রস্ত হোৱাৰ ফলত ২,১২১ কিলোমিটাৰ দৈর্ঘ্যৰ মথাউৰিৰ অংশ উন্মুক্ত হৈ আছিল৷ এইবাৰ বানপানীৰ ক্ষেত্রত দেখা গৈছে যে ডিখৌ, ৰঙানদী, জীয়াভৰলী, কপিলী, পাগলাদিয়া, পুঠিমাৰী, আই, মানাহ আদি নৈৰ ছিগা মথাউৰিয়েদি ব্রহ্মপুত্র আৰু উপনৈসমূহৰ বাঢ়নী পানী সোমাই গাঁৱৰ পাছত গাঁও জলমগ্ণ কৰিছে৷ উল্লেখ্য যে যোৱা বর্ষৰ ৩৮টা ক্ষতিগ্রস্ত মথাউৰিৰ মেৰামতিৰ বাবে এছ অ’ পি ডি–এফ ডি আৰৰ ৬০৮ কোটি টকাৰ ৪৮খন আঁচনিৰ প্রশাসনীয় অনুমোদন লাভ কৰিছিল যদিও এপ্রিল মাহপর্যন্ত এই আঁচনি ৰূপায়ণৰ বাবে নিবিদাই আহ্বান কৰা নাছিল জলসম্পদ বিভাগে৷ একেদৰে এছ ডি আৰ এফৰ ১৫৩.৯১ কোটি টকাৰ ১০১খন আঁচনি হাতত লৈও এপ্রিলপর্যন্ত কাম আৰম্ভ কৰা নাছিল বিভাগটোৱে৷ ইয়াৰ ফলত এই ভগ্ণ মথাউৰিসমূহ উন্মুক্ত হৈ থকাৰ বাবে এতিয়া সমগ্র ৰাজ্যতে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ অকল এয়াই নহয়, জলসম্পদ বিভাগৰ হেমাহি আৰু ব্যর্থতা বিগত ৪ বছৰত বিভিন্ন শিতানত কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰা পুঁজি ব্যয়ৰ পৰিমাণে স্পষ্ট কৰি তুলিছে৷

উল্লেখ্য যে নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে অসমৰ বান সমস্যা সমাধানৰ বাবে প্রতিবছৰে কেন্দ্রীয় পুঁজি আগবঢ়াই আহিছে৷ ৰাজ্যৰ জলসম্পদ বিভাগে এই কেন্দ্রীয় পুঁজিয়েই নহয়, ইয়াৰ ৰাজ্যিক অংশ ব্যয় কৰাৰ ক্ষেত্রতো চৰম ব্যর্থতা প্রদর্শন কৰিছে৷ কেন্দ্রীয় জলসম্পদ বিভাগৰ আর্কাইভত ২০১৫–১৬ বিত্তীয় বর্ষৰ পৰা ২০১৮–১৯ বিত্তীয় বর্ষলৈকে অসমৰ জলসম্পদ বিভাগৰ বাবে বিভিন্ন শিতানত কিমান পুঁজিৰ আবণ্টন কৰা হৈছিল, সেয়া সন্নিৱিষ্ট আছে৷ সেইমর্মে বিগত চাৰিটা বিত্তীয় বর্ষত ৰাজ্যৰ জলসম্পদ বিভাগৰ বাবে আবণ্টন দিয়া হৈছিল মুঠ ৬,৩২৩.৬৯ কোটি টকা৷ পিছে শুনিলে আচৰিত হ’ব বানাক্রান্তক অংগুষ্ঠ দেখুৱাই যোৱা চাৰিটা বছৰত বিভিন্ন বান আঁচনিত ৰাজ্যৰ জলসম্পদ বিভাগে ব্যয় কৰিলে মাত্র ৭৫০.৫২ কোটি টকা৷ অর্থাৎ বান সমস্যাৰ মোকাবিলাত কেন্দ্রই আবণ্টন দিয়া ধনৰ মাত্র ১১.৮৭ শতাংশহে ব্যয় কৰিবলৈ সক্ষম হৈছে জলসম্পদ বিভাগে৷ বান প্রতিহত কৰিবলৈ অসম চৰকাৰৰ এই অনীহাৰ কথা বিভাগীয় তথ্যই উদঙাই দিছে৷ বিস্তাৰিত তথ্য অনুসৰি ৰাজ্যৰ জলসম্পদ বিভাগৰ পৰিকল্পনা শিতানত যোৱা চাৰিটা বিত্তীয় বছৰত আবণ্টন দিয়া হৈছিল মুঠ ২২৫.৪৪৪৭ কোটি টকা৷ ব্যয় কৰিলে মাত্র ৫৯.৮৬৪১ কোটি টকা৷ ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰা সর্বশেষ তথ্য অনুসৰি ২০১৭–১৮ বর্ষত উক্ত শিতানত ব্যয় কৰিলে মাত্র ২.৬২ কোটি টকা৷ একেদৰে বান নিয়ন্ত্রণ আঁচনিৰ কেন্দ্রীয় পুঁজি হিচাপে যোৱা চাৰিটা বছৰত ৰাজ্যৰ জলসম্পদ বিভাগে আবণ্টন লাভ কৰিছিল ৪,০৭০.৬২ কোটি টকা৷ ব্যয় কৰিলে মাত্র ৭২.৯৪ কোটি টকাহে৷

লক্ষণীয়ভাৱে বান নিয়ন্ত্রণ আঁচনিৰ ৰাজ্যিক অংশ হিচাপে জলসম্পদ বিভাগক আবণ্টন দিয়া হৈছিল ৬১৮.৭৪ কোটি টকা৷ কিন্তু বিভাগে ব্যয় কৰিছে মাত্র ৭১.৬৩ কোটি টকা৷ ২০১৬–১৭ আৰু ২০১৭–১৮ বর্ষত বান নিয়ন্ত্রণ আঁচনিৰ ৰাজ্যিক অংশৰ এপইচাও ব্যয় কৰা নাই বিভাগটোৱে৷ একেদৰে জৰুৰী একচন প্লেন শিতানত ৩৯০.৯৩ কোটি টকা আবণ্টনৰ বিপৰীতে ব্যয় হৈছে ১৬২.৪৪ কোটি টকা৷ ২০১৬–১৭ বর্ষত এই শিতানত এপইচাও ব্যয় কৰা হোৱা নাই৷ আনকি নাবার্ডৰ পৰা ৫৬২.০১ কোটি টকা আবণ্টন লাভ কৰিও জলসম্পদ বিভাগে ব্যয় কৰিছে মাত্র ৩০৫.৩১ কোটি টকাহে৷ পুঁজিৰ অব্যৱহাৰৰ একেই চিত্র উত্তৰ–পূব পৰিষদ, এন এল চি পি আৰ আৰু বিশেষ আঁচনি অনুদান শিতানতো পৰিলক্ষিত হৈছে৷ এই শিতানসমূহত আবণ্টিত পুঁজি যোৱা দুটা বিত্তীয় বর্ষত এপইচাও ব্যয় কৰা হোৱা নাই৷ বাস্তৱত যোৱা দুটা বিত্তীয় বর্ষত বান আঁচনিৰ ধন ব্যৱহাৰত ব্যর্থ হোৱাৰ বাবে চলিত বর্ষতো ৰাজ্যবাসীয়ে ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি এতিয়া আশংকা কৰা হৈছিল৷ এতিয়া চলিত বানৰ তাণ্ডৱৰ পাছত এই আশংকা সত্যত পৰিণত হৈছে৷ বান নিয়ন্ত্রণ পুঁজি ব্যয়ৰ ক্ষেত্রত জলসম্পদ বিভাগৰ এনে অনীহাৰ বাবেই এতিয়া ৰাজ্যখনে বানত ককবকাবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে৷

কেন্দ্রৰ বিভিন্ন শিতানৰ পৰা লাভ কৰা পুঁজিৰ ধনসমূহৰ বাস্তৱ ব্যয়ৰ জৰিয়তে আঁচনি ৰূপায়ণ হ’লে হয়তো ৰাজ্যখনত বান নিয়ন্ত্রণ কৰাটো কিছু সহজ হৈ উঠিলহেঁতেন৷ কিন্তু বিভাগটোত চলি থকা আমোলা–বিষয়াৰ সংঘাত আৰু ঠিকাদাৰৰ লবীৰ বাবেই এতিয়া বানত জীয়াতু ভুগিবলগীয়া হৈছে ৰাজ্যবাসীয়ে৷ সততে কেন্দ্রই অসমৰ বান সমস্যা সমাধানৰ ক্ষেত্রত গুৰুত্ব আৰোপ নকৰে বুলি অভিযোগ উত্থাপন হৈ আহে যদিও কেন্দ্রৰ দ্বাৰা আবণ্টিত পুঁজি ব্যৱহাৰত ৰাজ্যৰ জলসম্পদ বিভাগৰ ব্যর্থতাও এই সমস্যাৰ বাবে কিমান দায়ী, সেয়া পুঁজি ব্যয়ৰ পৰিসংখ্যাই উন্মোচিত কৰি তুলিছে৷ প্রকৃততে অসমৰ বান সমস্যা সমাধানত ৰাজ্য চৰকাৰৰ যে গুৰুত্ব নাই, সেয়া ইয়াৰ দ্বাৰাই স্পষ্ট হৈ উঠিছে৷

You might also like