৬৫ বছৰৰ উৰ্ধ্বৰ ব্যক্তি আৰু ১২ বছৰৰ তলৰ শিশুক ঘৰতে থাকিবলৈ আহ্বান
নিয়মীয়া বাৰ্তা, ৩ মেঃ দেশজুৰি ক’ৰোনা ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যত এই ভাইৰাছৰ শৃংখল ভংগ কৰিবলৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। যিহেতু এই ভাইৰাছে ৬৫বছৰৰ উৰ্ধৰ ব্যক্তিসকল আৰু ১২বছৰৰ তলৰ শিশুসকলক সহজে আক্ৰমণ কৰিব পাৰে সেয়ে এনে লোকসকল অথবা শিশুসকলক ঘৰতে থাকিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অত্যাবশ্যকীয় কামৰ বাহিৰে ঘৰৰ পৰা ওলাই নাহিলে বেছি ভাল বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ।