নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত ৰাজ্যৰ অর্থনীতিত এক ভয়াৱহ প্রভাৱ পৰিছে ৷ সাংঘাটিক ধৰণে কমি গৈছে কৰ সংগ্রহ ৷ চৰকাৰী কর্মচাৰীক সময়মতে দৰমহা, পেন্সন দিয়া বিষয়টোক লৈও চৰকাৰে চিন্তা কৰিবলগীয়া হৈছে ৷ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিপূর্বে ৰাজ্যৰ অর্থনীতিত পৰা প্রতিকূল প্রভাৱৰ বিষয়ে প্রকাশ কৰিছে ৷ সোমবাৰে সাংবাদিকৰ আগত মন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যিক কর্মচাৰীসকলক প্রতিমাহৰ প্রথম দিনটোতে চৰকাৰে মাহৰ দৰমহা প্রদান কৰি আহিছে ৷ কিন্তু চলিত এপ্রিল মাহৰ দৰমহা অহা মে’ মাহৰ প্রথম ভাগত প্রদান কৰিব পৰা নাযাব ৷ মে’ মাহৰ প্রথম সপ্তাহৰ পাছতহে এপ্রিলৰ দৰমহা আদায় দিব পৰা যাব ৷ ৭–৮ মে’ৰ পাছতহে এপ্রিলৰ দৰমহা লাভ কৰিব পাৰিব ৷ এপ্রিলৰ দৰমহা মে’ মাহত লাভ কৰিলেও জুন মাহত দৰমহা আদায়ত সমস্যা আছে ৷ ৰাজ্য চৰকাৰে নিজা উৎসৰে জুন মাহৰ দৰমহা দিয়াটো যথেষ্ট কঠিন হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে ৷ ৰাজ্যৰ সাম্প্রতিক অর্থনৈতিক পৰিস্থিতি সম্পর্কত অহা ২৫–২৬ এপ্রিলত কিছু অর্থনৈতিক ব্যৱস্থাপনা ঘোষণা কৰিব বুলিও তেওঁ প্রকাশ কৰে ৷ তেওঁ প্রকাশ কৰা অনুসৰি, পেট্র’ল, ডিজেল আৰু সুৰাৰ পৰা সংগৃহীত কৰহে ৰাজ্য চৰকাৰে আহৰণ কৰে ৷ বাকী কৰ জি এছ টিৰ পৰা আহে৷ আনহাতে, এইবাৰ বাজেটত ঘোষণা কৰা প্রতিশ্রুতি অক্ষুণ্ণ থাকিব বুলি স্পষ্ট কৰি দি মন্ত্রী ড০ শর্মাই কয় যে পূর্বৰ দৰে বাজেট ঘোষণাৰ ৮০ৰ পৰা ৯০ শতাংশ ৰূপায়ণ কৰা হ’ব ৷ বাজেট ৰূপায়ণৰ ক্ষেত্রত চৰকাৰ দায়বদ্ধ ৷ ইপিনে, ৰাজ্যৰ শিক্ষা বিভাগ সম্পর্কত কাইলৈ আৰু পৰহিলৈ বৈঠক অনুষ্ঠিত কৰি সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ প্রকাশ কৰে ৷ মঙলবাৰে শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে তেওঁ এখন বৈঠকত মিলিত হ’ব ৷ বুধবাৰে বিশ্ববিদ্যালয়সমূহ উপাচার্যসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে আন এখন বৈঠকত মিলিত হ’ব ৷ তাৰ পাছতেই শিক্ষা বিভাগৰ সিদ্ধান্ত সদৰী কৰা হ’ব ৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ মাচুল সম্পর্কতো শিক্ষা বিভাগে সিদ্ধান্ত গ্রহণ কৰিব ৷