নিয়মীয়া বাৰ্তা, ৪ মে’ : এগৰাকী অসুস্থ মাতৃৰ আকুল আহ্বানক উপেক্ষা কৰিব নোৱাৰি লকডাউনৰ মাজতো নগাঁৱত অনুষ্ঠিত হ’ল এখন বিশেষ বিয়া ৷ অৱশ্যে নগাঁও জিলা প্রশাসন আৰু আৰক্ষীৰ অনুমতি সাপেক্ষে সামাজিক দূৰত্ব বর্তাই ৰাখি, স্বাস্থ্য বিধি মানি চলিয়েই সম্পাদন কৰা হয় এই বিয়াখন ৷ মাত্র ন গৰাকী বৰযাত্রীক লগত নি দেওবাৰে দিনৰ ভাগতেই সম্পন্ন কৰা হয় এই বিয়া খন ৷ ভয় আৰু শংকাৰ মাজেৰে হোমৰ জুইক সাক্ষী কৰি দেওবাৰে যুগ্মজীৱনৰ পাতনি মেলিলে চকৰিগাঁৱৰ মিণ্টুমণি বৰা আৰু নগাঁও চহৰৰ সমীপৰ বিষ্ণু নগৰ কঁহুৱাতলিৰ কংকনা শইকীয়াই ৷ উল্লেখ্য যে ছমাহ পূর্বেই মিণ্টুমণি আৰু কংকনাৰ পৰিয়ালৰ অনুমতি সাপেক্ষে তেওঁলোকৰ বিয়াখন ২০ ব’হাগ অর্থাৎ ৩ মে’ত নির্ধাৰণ কৰা হৈছিল ৷ সেই অনুসৰি দুয়োৰে বিয়া আছিল ৷ দুয়োখন ঘৰৰেই প্রবল ইচ্ছা আছিল বিয়াখন ধূমধামেৰে অনুষ্ঠিত কৰাৰ ৷ কিন্তু ক’ৰোনা মহামাৰীৰ বাবে দেশজুৰি বলৱৎ হৈ থকা লকডাউনে তেওঁলোকৰ পৰিকল্পনাত আউল লগায় ৷ তৎসত্ত্বেও একমাত্র মিণ্টুমণিৰ অসুস্থ মাতৃৰ ইচ্ছা পূৰণ আৰু জ্যোতিষীৰ পৰামর্শৰ বাবেই লকডাউনৰ মাজতেই নির্ধাৰণ কৰি থোৱা ব’হাগ মাহৰ এই দিনটোতে সম্পন্ন কৰা হ’ল এই শুভ কর্ম ৷ দিনৰ ভাগতেই হোম যজ্ঞৰে সম্পাদন কৰা এই বিবাহ অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ দৰাৰ সৈতে মাত্র ন গৰাকী লোকহে আহিছিল ৷ প্রত্যেকেই মানি চলিছিল সামাজিক দুৰত্বৰ চৰকাৰী নির্দেশনা ৷ ৰভাৰ তলত কইনাঘৰৰো মাত্র ন গৰাকী লোকহে উপস্থিত থাকে ৷ প্রত্যেকেই পৰিধান কৰিছিল মাস্ক ৷ কইনাঘৰৰ লোকসকল, বৰযাত্রীসকলৰ কথাতো বাদেই, দৰা আৰু কইনা উভয়ে মুখত মাস্ক পিন্ধিয়েই হোমৰ জুইৰ কাষত বহে ৷ আনকি দুয়ো মানি চলে সামাজিক দূৰত্বৰ নির্দেশনা ৷ ইপিনে, লকডাউন আৰু ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে সীমিত পৰিসৰত অনুষ্ঠিত হোৱা এই বিবাহৰ কইনা ঘৰত নিয়ম মাফিকভাৱে চলিল অভ্যর্থনাও ৷ যথাৰীতি অনুসৰিয়েই সম্পন্ন হয় এই বিবাহ ৷ লকডাউনৰ বাবে অতি কমসংখ্যক লোকৰ উপস্থিতিত সম্পন্ন হোৱা এই বিবাহে বিশেষ চর্চা লাভ কৰিলে সমগ্র নগাঁৱত ৷