নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুবাৰীঃ দেখাত তেনেই এযোৰ সাধাৰণ হাতমোজা। কিন্তু এই হাতমোজাযোৰৰ আছে কিছু বিশেষ গুণ। বিপদৰ সময়ত আপোনাক সহায় কৰিব এই মোজাযোৰে। ফোন কৰা, ফটো তোলাকে ধৰি ইলেট্ৰিক শ্বক দিব পৰা ক্ষমতা আছে এই মোজাযোৰৰ। বৰ্তমান সময়ত দৈনিক বৃদ্ধি পাই অহা নাৰী নিৰ্যাতনৰ ঘটনা ৰোধ কৰাত বিশেষভাৱে সহায় কৰিব এই মোজাযোৰে। নাৰীসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰিয়েই ধেমাজিৰ যুৱ বিজ্ঞানী নৱজিত ভৰালীৰ বিশেষ উদ্ভাৱন।
বিশেষকৈ মহিলাসকলৰ বাবে অতি আৱশ্যক এই হাত মোজাযোৰ। বিপদত পৰিলে আক্ৰমণকাৰী দুৰ্বৃত্তক আপুনি দিব পাৰিব ইলেট্ৰিক শ্বক। গুৰুত্বপূৰ্ণ যে ইলেক্টিক শ্বক দিয়াৰ সময়ত হাতমোজা পিন্ধোতাজন একো অসুবিধাৰ অথবা ক্ষতিৰ সন্মুখীন নহয়।
এই মোজাযোৰত থকা GPS ব্যৱস্থাই আক্ৰমণৰ বলি হোৱা কোনো মহিলা বা লোকৰ সম্পৰ্কে আৰক্ষীক দিব পাৰিব অৱস্থিতিৰ শুদ্ধ নিৰ্দেশনা। লগতে গোপন স্থানত সংলগ্ন থকা কেমেৰাৰ জড়িতে আক্ৰমণকাৰীৰ ফটো তোলাৰ উপৰিও ভিডিঅ’ কৰিব ৰাখিব পৰিব।
মুঠ ১৭টা নতুন উদ্ভাৱনৰে সমাদৃত হোৱা নৱজিত ভৰালীৰ এই পদক্ষেপে বৃদ্ধি পাই হোৱা নাৰীজনিত অপৰাধ ৰোধ কৰাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।