নিয়মীয়া বাৰ্তা, ৪ মে’ : এতিয়া সর্বত্র উচ্চাৰিত এটি শব্দ ‘ছেনিটাইজ’ ৷ সঘনাই হাত ধোৱা বা ছেনিটাইজাৰৰ দ্বাৰা হাত পৰিষ্কাৰ ৰখা, মাস্ক ব্যৱহাৰ কৰা আৰু ৰাজহুৱা জনসমাগম স্থানৰ পৰা আহিলে ভালদৰে বীজাণুমুক্ত হ’ব লগে৷ সম্প্রতি সৰুৰ পৰা বৃদ্ধলৈকে সকলোৱে ক’ভিড–১৯ বীজাণুৰ পৰা যাতে আক্রান্ত নহয় তাৰ বাবে সকলোৱে বীজাণুমুক্তকৰণৰ জৰিয়তে পৰিষ্কাৰ হৈ থকাৰ চিন্তাচর্চাৰ মাজতে আশাৰ বতৰা আনিছে এহাল পিতা–পুত্রই৷ ৰঙাপৰা ১নং নামনিগাঁও নিৱাসী দেৱেন্দ্র কুমাৰ আৰু প্রতীক কুমাৰে সাজি উলিয়াছে সম্পূর্ণ শৰীৰ বীজামুমুক্তকৰণ যন্ত্র৷ এই সন্দর্ভত সদৰী কৰি দেৱেন্দ্র কুমাৰে ক’ভিড–১৯ৰ আতংকত দিন অতিবাহিত হৈ থকাৰ বিপৰীতে স্বাস্থ্য বিভাগে ল’ব লগা সাৱধানতা সন্দর্ভত সতর্ক কৰি অহাৰ সময়তে নিজে এগৰাকী পৰিষ্কাৰ খোৱাপানীৰ উদ্যোগী হিচাপে অনাগত দিনত নিজৰ প্রতিষ্ঠান সুৰক্ষিত কৰি ৰখাৰ চিন্তা কৰে৷ এই কার্যত দ্বাদশ শ্রেণীত অধ্যয়ন কৰি থকা মিছামাৰী কেন্দ্রীয় বিদ্যালয়ৰ ছাত্র প্রতীকে সহযোগ কৰে ৷
উল্লেখ্য যে দেৱেন্দ্র পূর্বৰ পৰাই কাৰিকৰীভাৱে সফল উদ্যোগী৷ ১৯৮৭ৰ পৰা এছ কে ইলেক্ট্র’নিক নামৰ ব্যৱসায়িক প্রতিষ্ঠানৰ জৰিয়তে ইলেক্ট্র’নিক সামগ্রীৰ দোকান আৰম্ভ কৰি ইনভার্টাৰৰ, ষ্টেবিলাইজাৰ আদি নির্মাণ কৰি প্রতিষ্ঠা লাভ কৰা উদ্যোগী দেৱেন্দ্রই লকডাউনৰ সময়ছোৱাত চিন্তা–চর্চাৰে সাজি উলিয়াইছে সম্পূর্ণ শৰীৰ ছেনিটাইজ কৰা এটি যন্ত্র ৷ পৰীক্ষামূলকভাৱে সাজি উলিওৱা যন্ত্রটোৰ ৱেল্ডিঙকে ধৰি প্রায় চাৰে ছয় ফুট উচ্চতাৰ ঘৰৰ আর্হিত নির্মাণ কৰা যন্ত্রটোত এগৰাকী ব্যক্তি ছেনিটাইজ কৰাৰ বাবে ১০ৰ পৰা চাৰে তিনি ছেকেণ্ড সময়ৰ প্রয়োজন হ’ব বুলি জানিবলৈ দিয়ে৷ প্রায় ১৮ হাজাৰ টকা খৰচ হোৱা বুলি সদৰী কৰি দেৱেন্দ্র কুমাৰে কয় – ‘যিহেতু ধাতুৰে নির্মিত সামগ্রীত ৯ ঘণ্টা ক’ৰোনা বীজাণুৰ স্থিতি থকাৰ বিষয়ে বিজ্ঞসকলে প্রকাশ কৰিছে আৰু মানুহৰ দৰে সৰু–বৰ সকলো বাহনো ছেনিটাইজ কৰিব পৰা যায়৷ ৰাজ্যৰ বিভিন্ন পথত থকা টোলগেট, নিৰীক্ষণ তালাচী চকীসমূহত এনে ব্যৱস্থা গ্রহণ কৰিলে আংশিক বীজাণুমুক্ত কৰিব পৰা যাব৷ এজন ব্যক্তি ছেনিটাইজ কৰাৰ বাবে ১০–১৫ পইচা খৰচ পৰিব৷ ৰাসায়নিক দ্রব্য প্রয়োগসহ আৰু দিনটোত হাজাৰ হাজাৰ ব্যক্তিক ছেনিটাইজ কৰিব পৰা যাব৷’ লকডাউনৰ বাবে এই যন্ত্রত ব্যৱহাৰ কৰা কিছু সা–সামগ্রী বজাৰৰ পৰা ক্রয় কৰিব নোৱাৰাৰ বাবে কিছু প্রতিষ্ঠানে সংগ্রহৰ আগ্রহ প্রকাশ কৰাৰ পাছতো যোগান ধৰিব পৰা নাই বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে৷ ৭০০২৫৭৮৪৯৯ নম্বৰ দূৰভাষ যোগে যন্ত্র সন্দর্ভত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দি সঘনাই জনসমাগম হোৱা স্থানত এই সম্পূর্ণ শৰীৰ ছেনিটাইজাৰে উপকৃত কৰিব বুলি পিতা–পুত্র আশাবাদী ৷