ৰঙালীৰ ৰঙ লোৱাৰ পৰা বঞ্চিত কোন অসমীয়া!
নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ চেনেহৰ ৰঙালী বিহুটি নপতাকৈ কোন অসমীয়াই থাকিব পাৰে ৷ তাকো দুটি বসন্তৰ পিছত আহিছে এই বহাগ ৷ চৌদিশে কুলি কেতেকীৰ সুমধুৰ মাত ৷ ঢোল-পেপাৰ চৌদিশে গমগমনী ৷
এনে এক প্ৰাণ চঞ্চলা পৰিবেশত সমাজৰে একাংশ অসমীয়া বঞ্চিত বাপতি সাহোন ৰঙালী বিহু উদযাপনৰ পৰা ৷ মন থাকিলেও পালন কৰিব পৰা নাই বিহু উদযাপন ৷ বঞ্চিত ৰঙালীৰ ৰঙৰ পৰা ৷
কৰ্মৰ তাগিদাত বহাগ বিহু উদযাপনৰ পৰা বঞ্চিত তেওঁ লোক ৷ গৰু , মানুহৰ বিহু দিনা আপোনাৰ মোৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ দায়িত্ব ব্যস্ত তেওঁলোক ৷ অসম আৰক্ষীৰ বিষয়া , কনিষ্টবল , হোমগাৰ্ড সকল বিহুৰ দিনটো ব্যস্ত ৰাজপথত ৷ ঘৰৰ আপোন জনক এৰি সমাজৰ সুৰক্ষাৰ বাবে কৰ্তব্য কৰিব লগা হৈছে ৷ কি যান বাহন আৰক্ষী , কি সাধাৰন আৰক্ষী , কি অগ্নিনিৰ্বাপক বাহিনী ৷ সকলো ব্যস্ত সমাজৰ নিৰাপত্তাৰ বাবে ৷
বিহুৰ জা-জলপান পৰিয়ালৰ সৈতে বহি খোৱাৰ পৰিবৰ্তে , পুৱা নৈ , পুখুৰী , নদীত ৰাইজৰ লগত গৰু ধোৱা আদি মাঙ্গলিক কৰ্মৰ পৰা আতৰি থাকিব লগা হোৱা অসম আৰক্ষীৰ কৰ্মচাৰীয়ে এবটল পানী লৈয়ে দিনটো কৰ্তব্য পালন কৰিছে ৷ নগাঁৱত কৰ্তব্যৰত যান বাহন শাখাৰ আৰক্ষী কনিষ্টবলে ক’লে যে দায়িত্ব আৰু কৰ্তব্যৰত মাজতে আমি পুলিচ পইন্টতে বিহু উদযাপন কৰিছো ৷
একেদৰে হেপাহৰ ৰঙালী বিহুত চিকিৎসক-নাৰ্চ সকলো দায়িত্ব আৰু কৰ্তব্যৰ তাগিদাত চিকিৎসালয়ত ৷ কাৰণ চৰকাৰী খণ্ডতে হওঁক বা বেচৰকাৰী খণ্ডতে হওঁক ৰোগীৰ চিকিৎসা প্ৰদানত ব্যস্ত তেওঁলোক ৷ সঠিক সময়ত সঠিক চিকিৎসা নাপালে এজন লোক চিৰ দিনৰ বাবে হেৰাই যাব এই সমাজৰ পৰা ৷ গতিকে চিকিৎসক সকলেই হওঁৰ বা নাৰ্চৰ সকলে হওঁক , লগতে চিকিৎসা সেৱাৰে জৰিত আন চিকিৎসা কৰ্মী সকল যি মানব সেৱাৰ দৰে মহান কৰ্মৰে জৰিত তেওঁলোকে মনৰ মাজতে বিহুৰ হেপাহক লৈ কৰ্তব্য পালন কৰিছে ৷
প্ৰেৰকঃ কনক হাজৰিকা, নগাঁও