ৰঙালী বিহু আৰু অসমীয়া নবৱৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা
নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ এই শুভক্ষণে অসমৰ সকলো শ্ৰেণীৰ ৰাইজক নিজকে সুৰক্ষিত কৰি ৰখাৰ বাবে দৃঢ়তাৰে সংকল্পবদ্ধ হ’বলৈ এক নতুন প্ৰেৰণা কৰিব । এই জটিল ক্ষণত নিজকে সুৰক্ষিত কৰাৰ লগতে পৰিয়াল, সমাজ, ৰাজ্য তথা ৰাষ্ট্ৰক সুৰক্ষিত কৰি ৰখাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা লকডাউন কাৰ্যসূচী নিষ্ঠাৰে পালন কৰাৰ বাবে জনসাধাৰণে নিজৰ ঘৰতে আবদ্ধ থাকি সামাজিক ব্যৱধানৰ নীতি বজাই ৰাখি এইবাৰৰ বিহুটো পালন কৰিব লাগিব ।