নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জিত দাসক হাতেৰে প্রস্তুত কৰা ২১ হাজাৰ মাস্ক প্রদান

নিয়মীয়া বার্তা, ১৬ এপ্রিলঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জাৰৰ মাস্কৰ পৰিৱর্তে নিজ ঘৰতে মাস্ক তৈয়াৰ কৰি ৱহাৰ কৰিবলৈ জনোৱা আহ্বানক হাতে–কামে কার্যত ৰূপায়ণ কৰিলে অসমৰ মহিলাই ৷ ৰাজ্যিক বিজেপিৰ আহ্বান মর্মে ৰাজ্যৰ ৩৫ হাজাৰ কার্যকর্তাই এতিয়ালৈকে বিভিন্ন জিলাৰ প্রায় চাৰে ন লাখ লোকক সহায় আগবঢ়াইছে ৷ বিজেপিৰ সৰভোগ সমষ্টিৰ মহিলা মর্চাৰ সদস্যাসকলে প্রস্তুত কৰা ২১ হাজাৰ মাস্ক বুধবাৰে বৰপেটাৰোডত আনুষ্ঠানিকভাৱে গ্রহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে এই মত ব্যক্ত কৰে ৷

উল্লেখ্য যে প্রধানমন্ত্রীৰ আহ্বানৰ পিছতে বৰপেটা জিলাৰ সৰভোগৰ সমষ্টিৰ ৰপেটাৰোড মণ্ডল ১০ হাজাৰ, গোবর্ধনা আৰু চকচকাত ৫ হাজাৰৰ ওপৰকৈ মাস্ক বিজেপিৰ মহিলা মর্চাৰ সদস্যাসকলে নিজ ঘৰতে হাতেৰে প্রস্তুত কৰিছে ৷ অসমীয়াৰ স্বাভিমানৰ প্রতীক গামোচাৰ ব্যৱহাৰেৰে মাস্কসমূূহ প্রস্তুত কৰিছে সমষ্টিটোৰ বিভিন্ন ঠাইৰ মহিলাসকলে ৷ সৰভোগৰ বিজেপিৰ মহিলা সদস্যাসকলে প্রস্তুত কৰা এই মাস্কসমূহ শুক্র্বাৰৰ পৰা সমষ্টিৰ ৰাইজৰ মাজত যুৱ মর্চাৰ সদস্যসকলে ঘৰে ঘৰে গৈ বিতৰণ কৰিব বুলি বিজেপিৰ সভাপতিগৰাকীয়ে জানিবলৈ দি লগতে গামোচাৰ পৰিৱর্তে এইেবলি বিহুত ৰাইজৰ মাজত বিজেপিৰ যুৱ মর্চাৰ সদস্যসকলে গামোচাৰে তৈয়াৰী মাস্ক বিতৰণ কৰিব বুলিও উল্লেখ কৰে ৷ একেদৰে বিজেপিৰ বিধায়কসকলেও পার্যমানে আর্তজনক সহায় কৰি আহিছে বুলি উল্লেখ কৰি দুখীয়া পৰিয়ালক পুনৰ সহায় কৰিবলৈ বিধায়কসকলৰ প্রতি তেওঁ আহ্বান জনাইছে ৷

You might also like