নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা টোল গেটত কেৱল বাণিজ্যিক বাহনৰ পৰাহে টেক্স সংগ্ৰহ কৰা হ’ব

নিয়মীয়া বাৰ্তা ২৯ ফেব্ৰুৱাৰীঃ নগাঁও ৰহা টোল গেটত ১ মাৰ্চৰ পৰা কৰ সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাটো নিশ্চিত হৈ পৰিছে ৷ অৱশ্যে ১ মাৰ্চৰ পৰা প্ৰথম পৰ্যায়ত বাণিজ্যিক বাহনৰ ৰ পৰাহে টেক্স সংগ্ৰহ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷ শনিবাৰে ৰহা টোল গেটৰ সন্দৰ্ভত নগাঁও জিলা উপায়ুক্তক সাক্ষাত কৰাৰ সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ একাংশ নেতা-কৰ্মীৰ আগত ১ মাৰ্চৰ পৰা বাণিজ্যিক বাহন ৰ পৰাহে টেক্স সংগ্ৰহ কৰা হ’ব বুলি নিশ্চিত কৰে উপায়ুক্ত যাদব শইকীয়াই ৷ যাৰ বাবে ইতিমধ্যে ৰহা টোল গেটত প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷ উল্লেখ যে ৰহা টোল গেট অবৈধ টোল গেট আৰু এই অবৈধ টোল গেটত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাকৈ কোনো কাৰণতে কৰ সংগ্ৰহ কৰিবলৈ দিয়া নহ’ব বুলি ইতিমধ্যে পুনৰ বাৰ হুংকাৰ দিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , কৃষক মুক্তি সংগ্ৰাম সমিতিকে প্ৰমুখ্য কৰি বহু কেইটা জাতীয় সংগঠনে ৷ কিন্তু ইমানৰ পিছতো দেওবাৰৰ পৰা ৰহা টোল গেটত কৰ সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি নগাঁও জিলা উপায়ুক্তৰ পৰা নিশ্চিত হোৱাৰ পিছতে অবৈধ টোল গেটৰ বিৰুদ্ধে পুনৰ তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে।

You might also like