নিয়মীয়া বাৰ্তা, ১০ মে’ : সমগ্র দেশবাসী ক’ৰোনা ভাইৰাছৰ আতংকত ভুগি থকাৰ সময়তে কংগ্রেছ দলৰ এজন বিধায়ক আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই বিতর্কিত ৰাজনৈতিক মন্তব্য কৰি ৰাজ্যৰ জনসাধাৰণক বিভ্রান্ত কৰিবলৈ চেষ্টা কৰিছে ৷ –এই অভিযোগ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ৷ শনিবাৰে বৰপেটা প্রেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে সাংসদ অজিত কুমাৰ ভূঞা আৰু পূব গোৱালপাৰাৰ কংগ্রেছ বিধায়ক আব্দুল ৰচিদ মণ্ডলক তীব্র সমালোচনা কৰে ৷ ক’ৰোনা ভাইৰাছৰ আতংকত ভুগি থকাৰ লগতে লকডাউনৰ কৱলত থকা ৰাজ্যখনত ৰাজনীতি কৰাৰ সময় নহয় বুলি মন্তব্য কৰে বিজেপিৰ সভাপতিগৰাকীয়ে ৷ কিছুদিন পূর্বে বৰপেটাৰ সৰুপেটাত উপস্থিত হৈ সাংসদ অজিত কুমাৰ ভূঞাই ‘কা’ আৰু ক’ৰোনা সম্পর্কে মন্তব্য কৰিবলৈ গৈ স্বাস্থ্য ঘূৰাই পালেও ভাষা আৰু জাতি গ’লে ঘূৰাই পোৱা টান বুলি মন্তব্য কৰিছিল ৷
আনহাতে, পূব গোৱালপাৰাৰ বিধায়ক আব্দুল ৰচিদ মণ্ডলে তেওঁৰ সমষ্টিত বহু মানুহ ভোকাতুৰ হৈ থকা বুলি কৰা মন্তব্য কৰিছিল ৷ এনে সময়ত বিধায়কএগৰাকীৰ মুখত এনে কথা শোভা নাপায় বুলি মন্তব্য কৰে দাসে৷ বিধায়কগৰাকীৰ অভিযোগ খণ্ডণ কৰি দাসে আনকি বিপিএল কার্ড নথকা পৰিয়ালকো চৰকাৰে চাউল–দাইল যোগান ধৰা বুলি প্রকাশ কৰে ৷ ক’ৰোনাৰ বাবে লকডাউনৰ সময়ৰ পৰাই বিজেপিৰ কার্যালয় বন্ধ থকাৰ কথা ব্যক্ত কৰি এই সময়ত জাতি–ধর্ম–বর্ণ–সম্ নির্বিশেষে ৰাজনীতিৰ ঊর্ধত থাকি ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ সকলোকে আহ্বান জনায়৷ আনহাতে, ক’ৰোনাৰ পৰা ৰক্ষা পৰাৰ বাবে ৰাইজে পুনৰ লকডাউনৰ সময়সীমা বৃদ্ধিৰ পোষকতা কৰা বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে৷ লকডাউনৰ শিথিলতাৰ সুযোগ গ্রহণ কৰি ৰাইজ বাহিৰলৈ ওলাই আহিলে ৰাজ্যখনত ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা ব্যক্ত কৰি লকডাউনৰ শিথিলতাৰ সুযোগ ল’লে ভাইৰাছক আমন্ত্রণ জনোৱা হ’ব বুলি তেওঁ প্রকাশ কৰে৷ সেয়ে এই শিথিলতাৰ সুযোগ নল’বলৈ সংবাদমেলত হাতযোৰ কৰি ৰাইজলৈ আহ্বান জনায় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷