নিয়মীয়া বাৰ্তা, ২ মার্চঃ ৰাইজে মৰম কৰিলে ৪০খন আসনৰ ভিতৰত ৪০খন আসনেই পাম ৷ একনায়কত্ববাদ, দুর্নীতি, ভ্রষ্টাচাৰ আৰু স্বজন–তোষণৰ অৱসান ঘটাই বিটিচিত সুশাসনৰ পৰিৱর্তন অনাই আমাৰ মূল লক্ষ্য ৷ –এই মন্তব্য ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৰ ৷ দেওবাৰে সন্ধিয়া ৬.৩০ বজাত কোকৰাঝাৰ সদৰ চহৰৰ হাতীমাথাৰ ছিষ্টাৰ মার্গাৰেট বিদ্যালয়ৰ ওচৰত ইউপিপিএলৰ কেন্দ্রীয় নির্বাচনী কার্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰি প্রমোদ বড়োৱে এই মন্তব্য কৰি সমাগত বিটিচি নির্বাচনত ৰাইজে পৰিৱর্তন বিচাৰিছে বুলি উল্লেখ কৰে ৷ আগন্তুক বিটিচি নির্বাচনত নির্বাচনী মিত্রতা সন্দর্ভত ইউপিপিএল দলৰে ৰাষ্ট্রীয়, আঞ্চলিক দল–সংগঠনৰ আলাপ–আলোচনা অব্যাহত আছে বুলি উল্লেখ কৰি অচিৰেই মিত্রতা সন্দর্ভত সিদ্ধান্ত লোৱা হ’ব বুলি সদৰী কৰি ইউপিপিএল দল সকলোৰে প্রিয় দলত পৰিণত হৈছে বুলি মন্তব্য কৰে সভাপতি বড়োৱে ৷ নির্বাচনী কার্যালয় মুকলিৰ পিছতে সেই স্থানতে ইউপিপিএলৰ প্রথমখন কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হয় ৷ সভাত নির্বাচন সন্দর্ভত কেইবাটাও গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰা হয় ৷