নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজপথেৰে চোঁচৰাই নি আজমলৰ জুমুঠি দাহ

নিয়মীয়া বাৰ্তা, ৮ নবেম্বৰঃ আজমলক আদৰণি জনোৱাসকলে সভাত পাকিস্তানৰ জয়ধ্বনি দিয়াৰ প্রতিবাদত আজি বজৰং দলে অভয়াপুৰীৰ পৰিৱেশ উত্তাল কৰি তোলে৷ বজৰং দলৰ অর্ধশতাধিক সদস্যই আজমলৰ পুত্তলিকা ৰাজপথেৰে চোঁচৰাই আনি অভয়াপুৰী চহৰৰ মুলপথত দাহ কৰে৷ প্রতিবাদকাৰীসকলে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াসকলক কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰাৰ বাবে দাবী জনোৱাৰ লগতে এ আই ইউ ডি এফ দলটো ৰাষ্ট্রবিৰোধী আখ্যা দি শীঘ্রে দলটোক নিষিদ্ধ কৰাৰ বাবে দাবী জনায়৷ লাচিত সেনাৰ পৰা কিছুদিন পূর্বে পদত্যাগ কৰা একাংশ লাচিত সেনাৰ বঙাইগাঁও জিলা সমিতিৰ প্রাক্তন বিষয়ববীয়া একাংশয়ো পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া ঘটনাৰ তীব্র প্রতিবাদ জনাই বিহিত ব্যৱস্থা গ্রহণৰ দাবী জনায়।

You might also like