নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰাইঘাটৰ পুৰণি দলঙত ফাট, দুর্ঘটনাৰ আশংকা

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ ব্রহ্মপুত্রৰ ওপৰত নির্মিত প্রথমখন দুখলপীয়া দলঙে ৫৮ বছৰত ভৰি দিছে৷ এই দুখলীয়া শৰাইঘাট দলংখনৰ মাজভাগত সৃষ্টি হৈছে প্রকাণ্ড গাঁত, যাৰ বাবে যিকোনো মুহূর্ততে দলঙৰ মাজভাগত ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে৷ উল্লেখ্য যে শৰাইঘাটৰ পুৰণি দুখলপীয়া দলংখনৰ নির্মাণৰ লগতে মেৰামতি আৰু তদাৰকৰ দায়িত্বত থকা উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অভিযান্ত্রিক বিভাগে ২০১৯ বর্ষৰ জুন মাহত দলংখনৰ বৃহৎ মেৰামতি কার্য সম্পন্ন কৰিছিল৷

এই মেৰামতিৰ বাবে প্রায় তিনি মাহ শৰাইঘাটৰ পুৰণি দলংখন বন্ধ কৰি ৰখা হৈছিল আৰু আমিনগাঁৱৰ দিশৰ পৰা পথ যান–বাহনসমূহ শৰাইঘাটৰ নতুন দলঙেৰে চলাচলৰ ব্যৱস্থা কৰা হৈছিল৷ কিন্তু প্রায় ১০ কোটি টকা ব্যয়েৰে ৰে’লৱেৰ অভিযান্ত্রিক বিভাগে মেৰামতি কৰা দলংখন ডেৰ বছৰ নৌহওঁতেই পুনৰ প্রকাণ্ড গাঁতৰ সৃষ্টি হৈ যাতায়াতৰ অনুপযোগী হোৱাত দলঙেৰে দৈনিক অহা–যোৱা কৰা যান–বাহনৰ আৰোহী, যাত্রী, চালকসকলে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে৷

ইফালে, এই দলঙত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ জনসম্পর্কৰক্ষী বিষয়া নৃপেন্দ্র ভট্টাচার্যই জানিবলৈ দিয়া অনুসৰি এইবাৰ শৰাইঘাটৰ দুখলপীয়া দলংখনত ফাট মেলা তথা গাঁতৰ সৃষ্টি হোৱা বিষয়টোক ৰে’লৱে কর্তৃপক্ষই গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ ২০১৯ বর্ষৰ জুন মাহত দলংখন মেৰামতি কৰা হৈছিল৷ কিন্তু তাৰ পাছতো দলঙৰ ১১টা খুঁটাৰ ওপৰত থকা জইণ্টৰ অংশসমূহৰ লোৰ জাল–ৰডসমূহ বিভিন্ন কাৰণত সংকোচন আৰু সম্প্রসাৰণ হৈ ঠাইবিশেষে এৰাই গৈ ফাট তথা গাঁতৰ সৃষ্টি হোৱাৰ লগতে জইণ্টৰ লোৰ প্লেটসমূহ ওলাই পৰিছে, যাৰ বাবে এইবেলি জইণ্টৰ অংশসমূহ মেৰামতি কৰোঁতে অতি উচ্চ প্রযুক্তিৰ ব্যৱহা কৰা হ’ব, যাতে ভৱিষ্যতে পুনৰ জইণ্টসমূহত ফাটৰ সৃষ্টি নহয়৷

ইতিমধ্যে দলংখন মেৰামতি কৰিবলৈ ৰে’লৱে কর্তৃপক্ষ সাজু হৈছে আৰু এইক্ষেত্রত যিহেতু পূর্বৰ দৰে দলংখন কিছুদিনৰ বাবে বন্ধ ৰাখিব লাগিব তাৰ বাবে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছে বুলি জনসম্পর্কৰক্ষী বিষয়াজনে সদৰী কৰিছে৷

You might also like