নিয়মীয়া বার্তা,১১ জানুৱাৰীঃ নলবাৰীৰ বৰ মাজদিয়াত অঞ্চলটোৰ যুৱক সমাজে গোৱালপাৰা জিলাত লাডেন নামৰ হাতীটোৱে চলোৱা তাণ্ডৱলীলাৰ এক প্রতিচ্ছবি ভেলাঘৰৰ মাধ্যমেৰে দেখুওৱা পৰিলক্ষিত হৈছে ৷ ইতিমধ্যে এই ভেলাঘৰ চোৱাৰ বাবে ৰাইজৰ ভিৰো পৰিলক্ষিত হৈছে৷ অঞ্চলটোৰ উদ্যমী লোক ৰঞ্জিত কলিতা, অতুল কলিতা, বীৰেন হালৈ, কমল হালৈ, লাৱণ্য হালৈ, গজেন হালৈ, ফণীন্দ্র হালৈ, সন্তোৰাম হালৈ, প্রভাত দাস, মনেশ্বৰ হালৈ, শিৰিশ বৈশ্য, উৎপল গোস্বামী, উপেন হালৈ, ৰত্নেশ্বৰ দাস, চক্রধৰ শইকীয়া, জয়ন্ত হালৈ, ৰবীন গোস্বামী, অৱনী গোস্বামী, ৰুচিনাথ শর্মা, কনক দাসৰ নেতৃত্বত এই ভেলাঘৰ সজা হৈছে ৷
নগাঁৱৰ চাপানালাত ৰাইজে নির্মাণ কৰিলে ‘কা’বিৰোধী ভেলাঘৰ
ভেলাঘৰতো দেখা গ’ল ‘কা’বিৰোধী প্রতিবাদ৷ নগাঁৱৰ চাপানালাৰ নিকটৱর্তী জামুকতলত দেখা গ’ল এই ব্যতিক্রমী প্রতিবাদ৷ নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনলৈ পূর্ণ সঁহাৰি জনাই নগাঁৱৰ চাপানালাৰ জামুকতলৰ ৰাইজে নির্মাণ কৰিছে এক ব্যতিক্রমী ভেলাঘৰ৷ বাঁহ আৰু নৰাৰে ৰাইজে অসমৰ এখন বিশাল মানচিত্রৰ লগতে প্রতিবাদী তিনিজনকৈ লোকৰ প্রতিমূর্তি নির্মাণ কৰি চৰকাৰক ‘কা’ বাতিল কৰিবলৈ দাবী জনাইছে৷ অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ আনন্দ–উল্লাসৰ বাবে যেন ‘কা’বিৰোধী আন্দোলনটো পিছপৰি যাব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে ভেলাঘৰস্থলীত এই প্রতীক চিহ্ণ নির্মাণ কৰি ব্যতিক্রমী প্রতিবাদ সাব্যস্ত কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷
জৰেগাঁও–হৰিগাঁৱত টেংকসদৃশ ভেলাঘৰ
জৰেগাঁও হৰিগাঁৱৰ মধ্যস্থলত যুদ্ধৰ টেংকসদৃশ ভেলাঘৰে সকলোৰে দৃষ্টি আকর্ষণ কৰে৷ কোকৰাঝাৰ জিলাৰ কালীপুখুৰী প্রাথমিক স্বাস্থ্যকেন্দ্রৰ কাষত খেতিপথাৰত বিছদিনীয়াকৈ নেৰানেপেৰা প্রচেষ্টাৰে টেংকসদৃশ ভেলাঘৰ সাজি উলিয়ায় যুৱক আৰু কিশোৰে৷ ধানৰ নৰা আৰু বাঁহেৰে আটকধুনীয়াকৈ ভেলাঘৰ নির্মাণৰ ক্ষেত্রত মূল ভূমিকাত আছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ ছাত্র বিকাশ ৰায় আৰু সহযোগী ৰূপজ্যোতি ৰায়, সৌৰভ ৰায়, কৌশিক ৰায়, চম্পক ৰায়, ধৈর্যজিৎ ৰায়, গংগাধৰ বর্মন, গজেন্দ্র ৰায়, মানৱ ৰায়, ধ্বজেন ৰায়, নিৰঞ্জন ৰায় আদি৷ উৰুকাৰ নিশা ভোজ–ভাত খাই পিছদিনা দোকমোকালিতে পৰম্পৰাগত ৰীতি–নীতিৰে ভেলাঘৰটি দাহ কৰা হ’ব৷ উল্লেখ্য যে যোৱা ২০১৮ বর্ষত হেলিকপ্ঢাৰ, ২০১৯ বর্ষত টাইটানিক নির্মাণ কৰি সকলোৰে প্রশংসা লাভ কৰিছিল এই যুৱক আৰু কিশোৰসকলে৷ আনহাতে নিকটৱর্তী ক্ষুদ্রবাসুগাঁৱত বৃহৎ আকৃতিৰ মাছসদৃশ ভেলাঘৰৰ নির্মাণ চলি থকা পৰিলক্ষিত হৈছে৷