নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে বুধবাৰে ৰাজ্যৰ কেইবাটাও প্রেছ ক্লাবৰ বিষয়ববীয়াসকলৰ সৈতে টেলিফোনযোগে বার্তালাপ কৰি তেওঁলোকৰ লগতে প্রেছ ক্লাবৰ সদস্য–সদস্যাসকলৰ কুশল মংগল কামনা কৰে ৷ বার্তালাপৰ সময়ত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে ক’ভিড–১৯ সম্পর্কত অসমৰ চুকে–কোণে সংবাদসেৱীসকলে জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ ক্ষেত্রত লোৱা সক্রিয় ভূমিকাৰ শলাগ লোৱাৰ লগতে আগন্তুক সময়তো এই সন্দর্ভত বলিষ্ঠ সেৱা আগবঢ়াই যাব বুলি আশা প্রকাশ কৰে ৷ মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে এই জটিল সন্ধিক্ষণত সংবাদসেৱীসকলে বিভিন্ন প্রতিকূল পৰিস্থিতিকো নেওচি জনসাধাৰণলৈ যি সেৱা আগবঢ়াই আছে সেয়া নিশ্চয়কৈ প্রশংসনীয় বুলি উল্লেখ কৰে ৷
মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে এই জটিল পৰিস্থিতিত সংবাদসেৱীসকলে সংশ্লিষ্ট জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা প্রশাসনৰ লগত জড়িত বিষয়াবর্গৰ সৈতে অতি ঘনিষ্ঠ সম্পর্ক বজাই ৰাখি ৰাইজলৈ সেৱা আগবঢ়োৱাৰ বাবেও আহ্বান জনায় ৷ প্রয়োজন সাপেক্ষে জনসংযোগ বিভাগৰ সঞ্চালকৰ সৈতে প্রত্যক্ষভাৱে যোগাযোগ কৰাৰ উপৰি মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টাগৰাকীৰ সৈতেও প্রত্যক্ষভাৱে যোগাযোগ কৰাৰ বাবে তেওঁ আহ্বান জনায় ৷ মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে সংশ্লিষ্ট প্রেছ ক্লাবসমূহৰ সদস্য–সদস্যাসকলৰ মাজত সঘনাই মত বিনিময় কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷ সংবাদ পৰিৱেশন কৰাৰ দিশত যিকোনো ঠাইলৈ যাওঁতে নিজকে স্বাস্থ্যসন্মতভাৱে তথা সুৰক্ষিতভাৱে ৰখাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে আহ্বান জনায় ৷
মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে চিৰাং জিলা প্রেছ ক্লাবৰ সভাপতি অমৃত নাৰায়ণ পাটগিৰি, যোৰহাট ই মিডিয়া এছ’চিয়েচনৰ সভাপতি ৰাজীৱ বৰা, মাজুলী জিলা জার্নেলিষ্ট এছ’চিয়েচনৰ সম্পাদক দীপু বৰা, নগাঁও ইলেক্ট্রনিক মিডিয়া এছ’চিয়েচনৰ সভাপতি বীৰেন বৰা, গোৱালপাৰা প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ দাস, গ্রেটাৰ বঙাইগাঁও প্রেছ ক্লাবৰ সভাপতি সুজিত ৰায়, কোকৰাঝাৰ প্রেছ ক্লাবৰ সম্পাদক হৰিশংকৰ ঠাকুৰ, হাফলং প্রেছ ক্লাবৰ ভাৰপ্রাপ্ত সভাপতি সূর্য থাওচেন, গোসাঁইগাঁও প্রেছ ক্লাবৰ সভাপতি হাফিজুৰ ৰহমান, মঙলদৈ প্রেছ ক্লাবৰ সম্পাদক মুকুট ৰাজ শর্মা, দলগাঁও প্রেছ ক্লাবৰ সভাপতি প্রদীপ ঘোষ, শিলচৰ প্রেছ ক্লাবৰ সভাপতি আৰু সম্পাদক ক্রমে বিজয়কৃষ্ণ নাথ আৰু শংকৰ দে’, হাইলাকান্দি প্রেছ ক্লাবৰ সম্পাদক ৰাহুল চক্রৱর্তী, শিৱসাগৰ প্রেছ ক্লাবৰ সভাপতি ড০ সৌমাৰজিৎ মহন্ত, শোণিতপুৰ প্রেছ ক্লাবৰ সভাপতি সুভাষ বিশ্বাস, অল আছাম জার্নেলিষ্ট ইউনিয়ৰ সভাপতি পংকজ কুমাৰ নাথ, উত্তৰ লখিমপুৰ প্রেছ ক্লাবৰ সভাপতি শৈলেন বৰুৱা, ডিব্রুগড় প্রেছ ক্লাবৰ সম্পাদক অনিল পোদ্দাৰ, ডিব্রুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শর্মা, বিশ্বনাথ চাৰিআলি প্রেছ ক্লাবৰ সভাপতি তৰুণ শইকীয়া, আপকু বিশ্বনাথ জিলা সমিতিৰ সম্পাদক তুষাৰ হাজৰিকা, ওদালগুৰি প্রেছ ক্লাবৰ সম্পাদক বৈদ্যনাথ উপাধ্যায়, ওদালগুৰি জার্নেলিষ্ট এছ’চিয়েচনৰ সভাপতি জয়ন্ত কুমাৰ দাস, ধেমাজি প্রেছ ক্লাবৰ সম্পাদক হৰেন্দ্র নাথ শর্মা, মানকাচৰ জিলা প্রেছ ক্লাবৰ সভাপতি আৰ কে মণ্ডল, কার্বি আংলং জিলা প্রেছ ক্লাবৰ সভাপতি কিৰি ৰংহাঙৰ সৈতে আজি টেলিফোনযোগে বার্তালাপ কৰে ৷