অসম ৰাজ্যত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা ২২৪৩লৈ বৃদ্ধি: ৰিলিজ ৫০ By নিয়মীয়া বাৰ্তা On Jun 6, 2020 Share নিয়মীয়া বাৰ্তা, ৬ জুনঃ ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্তৰ ক্রমবর্ধমান সংখ্যা শুকুৰবাৰৰ দিনটোতো অব্যাহত আছে৷ শুকুৰবাৰে নিশা ১১.০৫ বজাপর্যন্ত ৰাজ্যখনত মুঠ ১২৮গৰাকী লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হয়৷ ইয়াৰ বিপৰীতে শুকুৰবাৰে হাস্পতালৰ পৰা সুস্থ হৈ উভতিল ৫০গৰাকী লোক৷ শুকুৰবাৰৰ দিনটোত মুঠ আক্রান্ত হোৱা ১২৮গৰাকী লোকৰ ভিতৰত ৩৭গৰাকী ধুবুৰীৰ, ২৪গৰাকী ডিমা হাছাওৰ, ১৩গৰাকী দৰঙৰ, ৯গৰাকী কৰিমগঞ্জৰ, ৮গৰাকী হাইলাকান্দিৰ, ৭গৰাকী নগাঁৱৰ, ৭গৰাকী কাছাৰৰ, ৭গৰাকী বাগ্সাৰ, ৫গৰাকী শোণিতপুৰৰ, ৩গৰাকী ওদালগুৰিৰ, ২গৰাকী দক্ষিণ শালমাৰাৰ, ২গৰাকী ধেমাজিৰ, এগৰাকী নলবাৰীৰ, এগৰাকী বৰপেটাৰ, এগৰাকী বঙাইগাঁৱৰ আৰু এগৰাকী চিৰাঙৰ৷ আনহাতে আজি চিকিৎসালয়ৰ পৰা সুস্থ হৈ ৫০গৰাকীয়ে ৰিলিজ লাভ কৰিছে৷ এওঁলোকৰ ১৩গৰাকী মহেন্দ্র মোহন চৌধুৰী হাস্পতালৰ, ১১গৰাকী তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ, ১১গৰাকী বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ, ৬গৰাকী গোলাঘাট অসামৰিক চিকিৎসালয়ৰ, ৫গৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ, ৩গৰাকী ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৰু এগৰাকী শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ৷ ইয়াৰ লগে লগে চিকিৎসালয়ৰ পৰা সুস্থ হৈ ৰিলিজ লাভ কৰা লোকৰ সংখ্যা ৫০৯গৰাকীলৈ বৃদ্ধি পালে৷ বর্তমানলৈকে ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত ব্যক্তিৰ সংখ্যা হৈছে ২,২৪৩গৰাকী৷ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ১,৭২৭গৰাকী৷ Featured Share