নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ মৃত্যুঘণ্টা বাজিছে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ উদ্যোগত । নগাঁও আৰু কাছাৰ কাগজ কলৰ পিছত মৃত্যুৰ দুৱাৰডলিত নামৰূপ সাৰ কাৰখানা । আছাম অশোক হোটেল কৰ্পৰেচন লিমিটেডৰ ইতিমধ্যে মৃত্যু ঘটিছে । অসমত থকা নৰ্থ ইষ্ট ৰিজিঅ’নেল এগ্ৰি মাৰ্কেটিং কৰ্পৰেচনৰ বছৰি লোকচানৰ পৰিমাণ বৃদ্ধি পাইছে৷ ইয়াৰ মাজতেই ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ ডদ্যোগত ডজ্জ্বল নক্ষত্র হিচাপে বিবেচিত গেছ ক্রেকাৰ প্রকল্পও আৰম্ভণিত অভাৱনীয় লোকচানৰ সন্মুখীন হৈছে৷ আজি লোকসভাত কেন্দ্রীয় গুৰু তথা ৰাজহুৱা খণ্ডৰ ডদ্যোগ মন্ত্রী প্রকাশ জাভাডেকাৰে ৰাজ্যৰ ঔদ্যোগিক জগতৰ এই পুতৌজনক চিত্র দাঙি ধৰিছে৷ ডদ্বেগৰ বিষয়টো হৈছে গেছ ক্রেকাৰ প্রকল্প হিচাপে পৰিচিত ব্রহ্মপুত্র ক্রেকার্ছ এণ্ড পলিমাৰ (বিচিপিএল) লিমিটেডে আৰম্ভণিতেই মুঠ ৯০০.৩১ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে৷ লোকসভাৰ প্রশ্ণোত্তৰ কালত প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা সাংসদ মানেকা গান্ধীয়ে ডত্থাপন কৰা এক প্রশ্ণৰ ডত্তৰত জাভাডেকাৰে দাখিল কৰা বিস্তাৰিত তথ্য অনুসৰি ২০১৫–১৬ বিত্তীয় বর্ষত প্রকল্পটোৰ লোকচান হৈছিল ২৭২.৫১ কোটি টকা ৷ ২০১৬–১৭ আৰু ২০১৭–১৮ বিত্তীয় বর্ষত বিচিপিএলৰ লোকচানৰ পৰিমাণ হৈছে ক্রমে ৫৪৭.৪১ কোটি আৰু ৮০.৩৯ কোটি টকা৷ আনহাতে ২০১৭–১৮ বিত্তীয় বর্ষলৈকে নামৰূপ সাৰ কাৰখানা হিচাপে পৰিচিত ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন লিমিটেড (বিভিএফচিএল) লাভজনক প্রতিষ্ঠান আছিল যদিও যোৱা বিত্তীয় বর্ষ অর্থাৎ ২০১৮–১৯ চনৰ পৰা লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বিগত বিত্তীয় বর্ষত নামৰূপ সাৰ কাৰখানাৰ মুঠ লোকচানৰ পৰিমাণ হৈছে ৬৩.১৫ কোটি টকা৷ ডল্লেখ্য যে সদনৰ প্রশ্ণোত্তৰ কালত ত্রিপুৰাৰ বিজেপি সাংসদ প্রতিমা ভৌমিকে সোধা আন এক প্রশ্ণৰ ডত্তৰত মন্ত্রী জাভাডেকাৰে লগতে জনায় যে নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে অনুমোদন জনাইছে৷ তেওঁ জনোৱা মতে ২০১৫ চনৰ ২১ মে’ত হেনো কেন্দ্রীয় চৰকাৰে কাৰখানাটোৰ বিত্তীয় গাঁথনি সালসলনি কৰাৰ লগতে নতুনকৈ এটা এমোনিয়া–ইডৰিয়া গোট স্থাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল ৷ মন্ত্রী জাভাডেকাৰে লগতে জনায় যে ‘জয়েণ্ট ভেনচাৰ’ হিচাপেই নামৰূপত এই নতুন গোট স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে ২০১৫ চনৰ পৰাই কেন্দ্রই সাৰ কাৰখানাটো পুনৰুজ্জীৱিত কৰাৰ কথা বিভিন্ন মহলত প্রকাশ কৰি আহিছে৷ যদিও এইক্ষেত্রত আজিকোপতি কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা নাই৷ কেৱল কাগজে–কলমেহে পুনৰুজ্জীৱিত কৰাৰ বিষয়টো চলি আছে৷ ইয়াৰ ফলতে কাৰখানাটো ক্রমাৎ লোকচানৰ সন্মুখীন হ’ব লগা হৈছে৷ আনহাতে সাংসদ মানেকা গান্ধীৰ প্রশ্ণৰ ডত্তৰত বিভাগীয় মন্ত্রীজনে প্রকাশ কৰা মতে, নর্থ ইষ্ট ৰিজি’নেল এগ্রি মার্কেটিং কর্প’ৰেচনে যোৱা চাৰি বছৰ ধৰি লোকচানৰ সন্মুখীন হৈ আহিছে ৷ এক লিখিত বিবৃতিত জাভাডেকাৰে প্রকাশ কৰা মতে, এন ই আৰ এ এম চি এলে ২০১৫–১৬ বিত্তীয় বর্ষত ৫.৮৯ কোটি, ২০১৬–১৭ বর্ষত ৫.৮৯ কোটি, ২০১৭–১৮ বর্ষত ৬.৬২ কোটি আৰু ২০১৮–১৯ বর্ষত ৬.৯৮ কোটি টকা লোকচানৰ সন্মুখীন হৈছে ৷ বাস্তৱত যোৱা চাৰি বছৰত ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ এই ডদ্যোগসমূহে মুঠ ৯৯০.৩৯ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱা বুলি জাভাডেকাৰে সদনক অৱগত কৰে ৷
Next Post