ৰাজ্যত পুনৰ এজন ক’ৰোনা ৰোগীৰ মৃত্যু, নতুনকৈ ১,২১৮ আক্রান্ত
নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ ৰাজ্যত প্রতিদিনে ভয়াৱহ ৰূপ লৈছে ক’ভিড–১৯ৰ পৰিৱেশে৷ ক’ৰোনা আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাৰ সময়তে এই ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে৷ কালি দুজন লোকৰ মৃত্যু হোৱাৰ পাছত পুনৰ এজন লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে প্রকাশ কৰা তথ্য অনুসৰি আজি মৃত্যু হোৱা লোকজন হ’ল কামৰূপ (মহানগৰ) জিলাৰ সুনীল ৰয় (৭৫)৷ এনে নিৰাশাজনক পৰিস্থিতিৰ মাজতে ক’ৰোনাক জয় কৰিলে ৮০ বছৰীয়া এগৰাকী আইতাই৷ অণিমা বড়ো নামৰ এইগৰাকী মহিলা
ক’ৰোনামুক্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ৰিলিজ পায়৷ উল্লেখ্য যে কালি জীৱিনী দেৱী বেইদ নামৰ ৯৩ বছৰীয়া মহিলাগৰাকী ক’ৰোনা মুক্ত হৈ ঘৰলৈ উভতি গৈছে৷ আনহাতে, আজি ৰাজ্যত নতুনকৈ ১,২১৮জন লোক ক’ৰোনাত আক্রান্ত হয়৷ এই আক্রান্তসকলৰ ভিতৰত ৫৭০জন গুৱাহাটী মহানগৰীৰ৷ ইয়াকে লৈ ৰাজ্যত মুঠ ক’ৰোনা আক্রান্তৰ সংখ্যা ২১,৮৬৪জনলৈ বৃদ্ধি পালে৷ ইফালে আজি বিভিন্ন চিকিৎসালয়ৰ পৰা ৫৫১জন লোকক ৰিলিজ দিয়া হৈছে৷ সেই মর্মে এতিয়ালৈ ক’ৰোনামুক্ত লোকৰ সংখ্যা হ’ল ১৪,১০৫জন৷ এতিয়াও চিকিৎসাধীন হৈ আছে ৭,৭০৫জন৷ ক’ৰোনাত আক্রান্ত হৈ এতিয়ালৈ মৃত্যু ঘটিছে মুঠ ৫১জন লোকৰ৷