নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ সন্দেহযুক্ত ক’ৰোনা ৰোগীৰ ক্ষেত্ৰত ক’ভিড-১৯ ৰ লগতে জাপানিজ এনকেফেলাইটিছৰো পৰীক্ষা কৰা হৈছে । এই মন্তব্য স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই কথা মন্ত্রী ড০ শর্মাই প্রকাশ কৰি কয় যে দুয়োটা ৰোগৰ উপসর্গসমূহ একেই ৷ ক’ভিড–১৯–এ হাঁওফাঁওত আক্রমণ কৰাৰ বিপৰীতে জাপানিজ এনকেফেলাইটিছে মগজুত আক্রমণ কৰে ৷ কিন্তু এই দুয়োটা সংক্রমণৰে উপসর্গসমূহ প্রায় একে ৷ ইয়াৰ বাবে সন্দেহযুক্ত ক’ৰোনা ৰোগীক ক’ভিড–১৯ৰ লগতে জাপানিজ এনকেফেলাইটিছৰো পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ চিকিৎসকসকলক দুয়োটা পৰীক্ষা কৰিবলৈ দিয়া হৈছে ৷
আনহাতে ৰাজ্যখনৰ কেইখনমান জিলা ইতিমধ্যে কেন্দ্রই ৰেড জ’ন হিচাপে চিহ্ণিত কৰাৰ সন্দর্ভত সাংবাদিকৰ প্রশ্নৰ উত্তৰত মন্ত্রী ড০ শর্মাই কয় যে অহা ২০ এপ্রিলৰ পিছত সেয়া সলনি হ’ব ৷ এতিয়া ৰেড জ’ন হিচাপে চিহ্ণিত বহু স্থান ৰেড জ’নত নথকাৰ ইংগিত দি তেওঁ কয় যে গোৱালপাৰা জিলাত ইতিমধ্যে তিনিজন ক’ভিড–১৯ত আক্রান্ত লোক সম্পূর্ণৰূপে সুস্থ হৈ উঠিছে, যাৰ বাবে আজি তেওঁলোকক ৰিলিজ দিয়া হয়৷ কালি মৰিগাঁৱৰো দুজন লোক সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়৷ কাইলৈ গোলাঘাট আৰু গুৱাহাটীত চিকিৎসাধীন হৈ থকা আন ১০জনক সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত চিকিৎসালয়ৰ পৰা ৰিলিজ দিব পৰা যাব৷ সংবাদ মেলখনত তেওঁ আৰু কয় যে পশ্চিমবংগৰ সীমামূৰীয়া জিলা হিচাপে গোৱালপাৰা আৰু ধুুবুৰী জিলাৰ ক্ষেত্রত কিছু সীমাবদ্ধতা থাকিব৷ পশ্চিমবংগক লৈ যিহেতু বর্তমান বহু লিখা–মেলা চলি আছে সেয়ে গোৱালপাৰা আৰু ধুবুৰীৰ ক্ষেত্রত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব৷ গোৱালপাৰা ৰেড জ’নৰ পৰা মুক্তি পালেও জিলাবাসী কিছু সতর্ক হৈ থাকিব লাগিব ৷