নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ৰাজ্যত ক’ৰোনা আতংকৰ মাজতে একাংশ এতিয়া লিপ্ত হৈ পৰিছে ভয়ংকৰ দুৰ্নীতিত । কোনোৱে যদি ছেনিটাইজেচনৰ নামত টকা লুণ্ঠনৰ ফন্দি পাতিছে আন কোনোৱে আকৌ দৰিদ্ৰ লোকৰ বাবে অহা চৰকাৰী ধনৰ পৰা আত্মসাৎ কৰিছে টকা ।
প্ৰথমে আহোঁ নলবাৰী জিলালৈ । নলবাৰীত এতিয়া পঞ্চায়তে পঞ্চায়তে ছেনিটাইজেচনৰ নামত একাংশই আৰম্ভ কৰিছে দুৰ্নীতি । পঞ্চায়ত সমূহত ছেনিটাইজেচন কৰাৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উঠিছে । অগ্নিনিৰ্বাপক বাহিনীৰ এখন গাড়ীত ডেৰ কেজি ব্লিচিং পাউদাৰ মিহলাই একো একোটা পঞ্চায়ত চলিছে ছেনিটাইজেচন । এগৰাকী পঞ্চায়ত প্ৰতিনিধিৰ ভাষ্য অনুসৰি একো একোটা পঞ্চায়তত ছেনিটাইজেচনৰ নামত ব্যয় কৰা হৈছে ৫০ হাজাৰকৈ টকা । পিচে ৫০ হাজাৰকৈ টকা ব্যয়ৰ পাচতো মাত্ৰ অলপমান পানী মাৰিয়েই ছেনিটাইজেচন সামৰিছে জিলা প্ৰশাসনে । জিলা প্ৰশাসনৰ অধীনত আইজুল নামৰ এজন ঠিকাদাৰে ছেনিটাইজেচনৰ নামত এই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে ।
ইফালে, ৰঙিয়া উন্নয়ন খণ্ডৰ অধীনৰ বৰদৌল গাঁও পঞ্চায়তত দৰিদ্ৰসকলৰ বাবে অহা ১০০০ টকাৰ পৰাও আকৌ এচামে চলাইছে লুণ্ঠন ।পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে কোনো পৰিয়ালক যদি পাঁচশ টকা দিছে আন কাৰোবাক দিছে আকৌ ৭০০ টকা । প্ৰতিটো সাহায্যৰ পৰা এই গৰাকী পঞ্চায়ত সভানেত্ৰীয়ে আত্মসাৎ কৰি আহিছে ৩০০ ৰ পৰা ৫০০ টকা ।
ধুবুৰীত আকৌ দৰিদ্ৰৰ বাবে অহা চাউলক লৈ মেলিছে দুৰ্নীতিৰ পোখা । ফকিৰগঞ্জ থানাৰ অন্তৰ্গত শালকাটাৰ শুকুৰবাৰে পুৱতি নিশা স্থানীয় ৰাইজে পঞ্চশ বস্তা চাউল জব্দ কৰিবলৈ সক্ষম হয় । এটা অসাধু চক্ৰই দৰিদ্ৰৰ বাবে অহা এই চাউল মেঘালয়ত বিক্ৰীৰ বাবে চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে । আনফালে দৰিদ্ৰ মুখৰ চাউল কাঢ়ি ৰঙাঘৰত সোমাল বহুমুখী সমবায় সমিতিৰ সচিবগৰাকী । গোৱালপাৰা জিলাৰ ধনুভাঙাৰ বহুমুখী সমবায় সমিতিৰ সচিবগৰাকীয়ে দৰিদ্ৰৰ বাবে অহা চাউল হৰলুকী কৰাৰ অভিযোগ উঠিছিল ।
চৰকাৰে লকডাউনৰ এই সময়ছোৱাত দৰিদ্ৰ লোকৰ বাবে মোকলাই দিয়া সাহায্যj ধন আৰু চাউল আত্মসাৎ কৰাত নামিছে এতিয়া একাংশ । এনে দুৰ্যোগৰ সময়ত প্ৰতিজন লোকেই দৰিদ্ৰ লোকৰ কাষত থিয় দিয়াৰ বিপৰীতে এনে মনোবৃত্তিৰ এইসকল দুৰ্নীতিকাৰীৰ বিৰুদ্ধে এতিয়া বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে সচেতন মহলে ।