নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যপালৰ শাসনক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত গোচৰ

নিয়মীয়া বাৰ্তা, ১ মেঃ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ (বিটিচি)ত ৰাজ্যপালৰ শাসন প্রৱর্তনক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিপিএফ ৷ যোৱা ২৮ এপ্রিলৰ পৰা ৰাজ্যপালৰ শাসন কার্যকৰী হোৱাকৈ জাৰি কৰা নির্দেশনাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত বিপিএফে দাখিল কৰিছে ২১৪৩/২০২০ নম্বৰৰ লেখ আবেদন ৷ বিপিএফৰ হৈ বিটিচি বিধান পৰিষদৰ উপাধ্যক্ষ আৰু এগৰাকী কার্যবাহী সদস্যই দাখিল কৰা লেখ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট কর্তৃপক্ষক অহা ৫ মে’ত নথিপত্র দাখিল কৰিবলৈ নির্দেশ দিছে ৷

উল্লেখ্য যে যোৱা ২৭ এপ্রিলত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ তৃতীয়টো কার্যকালৰ অন্ত পৰে ৷ ইয়াৰ পূর্বে নির্বাচন আয়োগে সময়মতে নির্বাচন অনুষ্ঠিত কৰিবলৈ পদক্ষেপ গ্রহণ কৰিছিল ৷ সেই অনুসৰি ৪ এপ্রিলত নির্বাচনৰ দিন ঘোষণাকে ধৰি মনোনয়ন দাখিল, প্রচাৰ অভিযান আদিৰ বাবেও নীতি–নির্দেশনা জাৰি কৰে আয়োগে৷ কিন্তু প্রার্থীৰ মনোনয়ন–পত্র দাখিল আৰু প্রচাৰ অভিযানৰ মাজতে বিশ্বৰ আন প্রান্তৰ লগতে দেশতো ক’ভিড–১৯ৰ আতংক আৰম্ভ হয়৷ যাৰ বাবে বিটিচি নির্বাচন সাময়িকভাৱে স্থগিত ৰখা হয়৷ ইফালে, বিটিচি চৰকাৰৰ কার্যকাল উকলি যোৱাৰ দিন চমু চাপি অহাত বর্তমান চৰকাৰৰ ম্যাদ ছমাহৰ বাবে বৃদ্ধি কৰিবলৈ জনোৱা আবেদন ৰাজ্যপালে নাকচ কৰে৷ ২৮ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰাৰ লগতে ৰাজ্যপাল জগদীশ মুখীয়ে আই এ এছ বিষয়া ৰাজেশ প্রসাদক প্রশাসক হিচাপে নিযুক্তি দিয়ে ৷ ইয়াৰ লগে লগে বিটিচিত অন্ত পৰে হাগ্রামাৰ ১৫ বছৰীয়া ৰাজপাটৰ ৷ ইপিনে, ৰাজ্যপালৰ শাসন প্রৱর্তন কৰাক লৈ ঘোৰ অসন্তুষ্টি প্রকাশ কৰি আহিছে বিপিএফে ৷ প্রত্যাশিতভাৱেই ৰাজ্যপালৰ শাসনক প্রত্যাহ্বান জনাই বৃহস্পতিবাৰে বিপিএফৰ হৈ নেৰচন বড়ো আৰু জগদীশ সৰকাৰে লেখ আবেদন দাখিল কৰে ৷

আবেদনকাৰীয়ে বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন অসাংবিধানিক বুলি অভিহিত কৰিছে ৷ লেখ আবেদনত উল্লেখ কৰা অনুসৰি বিটিচিত ৰাজ্যপালৰ নিজস্ব ক্ষমতা নাই ৷ ৰাজ্য চৰকাৰ বা মন্ত্রী পৰিষদৰ পৰামর্শ অবিহনে ৰাজপালে বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰিব নোৱাৰে ৷ সেয়েহে এয়া সংবিধান উলংঘা বুলি অভিহিত কৰিছে বিপিএফে৷ পৰৱর্তী শুনানিত ৰাজ্যপালে চৰকাৰ অথবা মন্ত্রী পৰিষদৰ সৈতে আলোচনা কৰা নথি দাখিল কৰিবলৈ নির্দেশ দিছে ৰাজ্য চৰকাৰক ৷

You might also like