ৰাজ্যসভালৈ জুবিন গাৰ্গ!
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ৰাজনীতি কেতিয়াও নকৰো বুলি সঘনে মন্তব্য কৰি অহা জুবিন গাৰ্গ ৰাজ্যসভালৈ যাব নেকি তাকে লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে জুবিন গাৰ্গক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱৰ সন্দৰ্ভত জুবিন গাৰ্গে কয় যে মই ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয়, কিন্তু ৰাজ্যসভাৰ কথাটো অলপ সুকীয়া। ৰাজ্যসভালৈ পৰিচিত মানুহক পঠায়। সেয়ে এই ক্ষেত্ৰত চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে। পূৰ্বতেও এনেধৰণৰ কথা ওলাইছিল ।গতিকে এতিয়াই একো ক’ব নোৱাৰো, চিন্তা কৰি চাব লাগিব বুলি বোকাখাতত এই মন্তব্য জুবিন গাৰ্গৰ।
CAA আন্দোলন সন্দৰ্ভতো মন্তব্য জুবিনৰ। CAA আন্দোলন জোৰদাৰভাৱে চলাবলৈ সকলোৰে সহায় সহযোগ কামনা কৰে জুবিনে। এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবেও প্ৰয়োজন হ’লে কাম কৰি যাব বুলিও মন্তব্য কৰে জুবিনে।