ৰাজ্যসভাৰ তিনিওগৰাকী প্রার্থীৰে মনোনয়ন বৈধ
নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ অসমৰ ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা তিনিওগৰাকী প্রার্থীৰ ভিতৰত আটাইতকৈ ধনী প্রার্থী ৰূপে চিহ্ণিত হৈছে ভুবনেশ্বৰ কলিতা ৷ বিজেপিৰ প্রক্ষেপিত প্রার্থীগৰাকীৰ মুঠ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ১ কোটি ৯৯ লাখ টকা ৷ প্রার্থীগৰাকীৰ ৰঙিয়া, গুৱাহাটী আৰু দিল্লীত আছে এটাকৈ বাসগৃহ ৷ ইয়াৰ বিপৰীতে সাংবাদিকতাৰে ৰাজনীতিৰ ক্ষেত্রখনত খোজ পেলোৱা অজিত কুমাৰ ভূঞাৰ এটা ৬৫ লাখ টকীয়া বাসগৃহ থকাৰ বিপৰীতে হাতে জমা আছে ৩০ হাজাৰ টকা ৷ আনহাতে, কো–অপাৰেটিভ চিটী বেংকত ৭,৯৬,৮১৬ টকা আৰু এইচ ডি এফ চি বেংকত আছে ২,৩০,৬০৮ টকা ৷ ভূঞাৰ এল আই চি পলিচী আছে ৫ লাখ টকাৰ ৷ মুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ’ল ২৮ লাখ ৩ হাজাৰ টকা ৷ আনহাতে, বিশ্বজিৎ দৈমাৰীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ’ল ৩০ লাখ ৬৩ হাজাৰ ৫৫১ টকা ৷ দ্বিতীয়বাৰৰ বাবে ৰাজ্যসভালৈ নির্বাচিত হ’বলৈ আগবঢ়া দৈমাৰীৰ কোকৰাঝাৰ, গুৱাহাটী আৰু দিল্লীত এটাকৈ বাসগৃহ আছে ৷ মন কৰিবলগীয়া যে বিজেপি আৰু মিত্রজোঁটৰ প্রার্থী ৰূপে ভুবনেশ্বৰ কলিতা আৰু বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰাৰ বিপৰীতে বিৰোধীৰ উমৈহতীয়া প্রার্থী ৰূপে মনোনয়ন দাখিল কৰিছে অজিত কুমাৰ ভূঞাই ৷ সোমবাৰে তিনিওগৰাকী প্রার্থীৰ মনোনয়ন পৰীক্ষাৰ অন্তত বৈধ বুলি ঘোষিত হয় ৷ এনে অৱস্থাত তিনিওগৰাকী প্রার্থী ৰাজ্যসভালৈ জয়যুক্ত হোৱাটো নিশ্চিত হৈছে৷ অহা ১৮ মার্চত মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন৷ স্বাভাৱিকতে তিনিওগৰাকী প্রার্থীৰ এজনেও মনোনয়ন প্রত্যাহাৰৰ সম্ভাৱনা নাই ৷ কার্যতঃ তিনিওগৰাকী প্রার্থী ৰাজ্যসভাৰ সাংসদ ৰূপে নির্বাচিত হোৱাৰ পথ প্রশস্ত৷ ১৮ মার্চত আনুষ্ঠানিকতাহে বাকী৷ উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদ ৰূপে ইতিপূর্বে চাৰিবাৰকৈ ভুবনেশ্বৰ কলিতা নির্বাচিত হোৱাৰ বিপৰীতে বিশ্বজিৎ দৈমাৰী এবাৰ ৰাজ্যসভাৰ সাংসদ ৰূপে নির্বাচিত হৈছে৷ আনহাতে, বিৰোধীৰ উমৈহতীয়া প্রার্থী ৰূপে প্রথমবাৰৰ বাবে ৰাজ্যসভালৈ যাব সাংবাদিক অজিত ভূঞা ৷